নিউজিলেণ্ড ভ্ৰমণৰ বাবে ৱেষ্ট ইণ্ডিজৰ টেষ্ট দল ঘোষণা, কেমাৰ ৰ’চ আৰু কাভেম হজৰ প্ৰত্যাৱৰ্তন
নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। ৱেষ্ট ইণ্ডিজে ডিচেম্বৰ মাহত নিউজিলেণ্ড ভ্ৰমণৰ বাবে নিজৰ টেষ্ট দলৰ কথা ঘোষণা কৰিছে, অভিজ্ঞ বেগী বলাৰ কেমাৰ ৰ’চ আৰু অল ৰাউণ্ডাৰ কাভেম হজ দললৈ ঘূৰি আহিছে। দুয়োগৰাকী খেলুৱৈয়ে শেষবাৰৰ বাবে জানুৱাৰী মাহত পাকিস্তানৰ মুলত
वेस्टइंडीज के तेज गेंदबाज केमर रोच


নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। ৱেষ্ট ইণ্ডিজে ডিচেম্বৰ মাহত নিউজিলেণ্ড ভ্ৰমণৰ বাবে নিজৰ টেষ্ট দলৰ কথা ঘোষণা কৰিছে, অভিজ্ঞ বেগী বলাৰ কেমাৰ ৰ’চ আৰু অল ৰাউণ্ডাৰ কাভেম হজ দললৈ ঘূৰি আহিছে। দুয়োগৰাকী খেলুৱৈয়ে শেষবাৰৰ বাবে জানুৱাৰী মাহত পাকিস্তানৰ মুলতানৰ বিৰুদ্ধে টেষ্ট মেচত অংশগ্ৰহণ কৰিছিল।

ৰ’চৰ অন্তৰ্ভুক্তিয়ে তুলনামূলকভাৱে অনভিজ্ঞ পেচ আক্ৰমণক শক্তিশালী কৰিব। এই আক্ৰমণত প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা ২৯ বছৰীয়া অ’ জে শ্বিল্ডছকো অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে বেগী বলাৰ শ্বামাৰ জোচেফ আৰু আলজাৰী জোচেফ আঘাতৰ বাবে দলৰ পৰা আঁতৰি আছে।

বাওঁহাতৰ স্পিনাৰ খাৰী পিয়েৰক দলৰ পৰা বাদ দিয়াৰ বিপৰীতে হজক দ্বিতীয়বাৰৰ বাবে সুযোগ প্ৰদান কৰা হৈছে।

ক্ৰিকেট ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটৰ সঞ্চালক মাইলছ বাস্কোম্বে কয় যে, “নিউজিলেণ্ড যিকোনো দলৰ বাবে সদায় কঠিন স্থান হৈ আহিছে... শেহতীয়াকৈ এন্টিগুয়াত অনুষ্ঠিত হোৱা উচ্চ প্ৰদৰ্শনৰ শিবিৰটো নিউজিলেণ্ডৰ পৰিস্থিতি, বিশেষকৈ দ্ৰুত বলিং-বন্ধুত্বপূৰ্ণ পিটচসমূহৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছিল।”

দুসপ্তাহৰ এই শিবিৰত আন কেইবাগৰাকীও খেলুৱৈৰ সৈতে ৰ’চ আৰু শ্বিল্ডছে অংশগ্ৰহণ কৰিছিল আৰু ২০ নৱেম্বৰত নিউজিলেণ্ডত বৰ্তমানৰ এদিনীয়া দলত যোগদান কৰিব। ক্ৰাইষ্টচাৰ্চত নিউজিলেণ্ড একাদশৰ বিৰুদ্ধে দুদিনীয়া ৱাৰ্ম আপ মেচ খেলিব দলটোৱে।

এই শৃংখলাটো হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউটিচি) চক্ৰৰ অংশ। ৱেষ্ট ইণ্ডিজ এতিয়ালৈকে খেলা পাঁচখন টেষ্ট মেচতে পৰাস্ত হৈ টেবুলৰ তলত আছে। আনহাতে নিউজিলেণ্ডে এই চক্ৰৰ প্ৰথমখন মেচ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলিব।

নিউজিলেণ্ড ভ্ৰমণৰ বাবে ৱেষ্ট ইণ্ডিজৰ টেষ্ট দলটো এনেধৰণৰ।

ৰষ্টন চেজ (অধিনায়ক), জোমেল ৱাৰিকেন (ভাইচ অধিনায়ক), এলিক এথানাজে, জন কেম্পবেল, টেগ নাৰিন চন্দৰপল, জাষ্টিন গ্ৰেভছ, কাভেম হজ, শ্বাই হোপ, টেভিন ইমলাচ, ব্ৰেণ্ডন কিং, জোহান লেন-এণ্ডাৰছন ফিলিপ, কেমাৰ ৰ’চ, জেডেন ছিলছ, অ’ জে শ্বিল্ডছ।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande