

গুৱাহাটী, ২১ নৱেম্বৰ (হি.স.)। অহা ২৮ নৱেম্বৰৰ পৰা তামিলনাডুত অনুষ্ঠিত হ'বলৈ গৈ আছে জুনিয়ৰ হকী ৱাৰ্ল্ড কাপ আৰু তাৰ পূৰ্বে দেশৰ বিভিন্ন স্থানত হকী ৱাৰ্ল্ড কাপৰ ট্ৰফী প্ৰদৰ্শন কৰোৱা হৈছে।
আজি হকী ৱাৰ্ল্ড কাপৰ ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পৰিচালনা কমিটিৰ এটা দল ট্ৰফী লৈ উপস্থিত হয় জুবিন ক্ষেত্ৰত। ১৬ কেজি ওজনৰ সোণৰ ট্ৰফী লৈ জুবিন ক্ষেত্ৰত উপস্থিত হয় দলটি।
জুনিয়ৰ হকী ৱাৰ্ল্ড কাপ ত ভাৰতৰ দলেও অংশগ্ৰহণ কৰিছে। এই হকী ৱাৰ্ল্ড কাপ ২৯২১ চনত অসমত অনুষ্ঠিত কৰাৰ কথা আছিল আৰু থীম মৰমৰ শিল্পী জুবিন দাই কণ্ঠদান কৰাৰ কথা আছিল কিন্তু কোভিড মহামাৰীৰ বাবে বাতিল কৰা হৈছিল প্ৰতিযোগিতা।
সেইহে ভাৰতীয় দলৰ হৈ জুবিন ক্ষেত্ৰত উপস্থিত হৈ আগন্তুক প্ৰতিযোগিতাৰ বাবে জুবিন গাৰ্গৰ আশীৰ্বাদ লয় ৱাৰ্ল্ড কাপ পৰিচালনা কমিটীয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar