ডুবাই এয়াৰ শ্ব’ত ভাৰতীয় তেজছ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট নিহত, তদন্তৰ নিৰ্দেশ
- আকাশী প্ৰদৰ্শনৰ সময়ত মাটি স্পৰ্শ কৰাৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখন জুইৰ শিখাত পৰিণত নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। ডুবাই এয়াৰ শ্ব’ৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাত ভাৰতীয় তেজছ বিমানৰ পাইলটৰ মৃত্যু হৈছে। ডুবাই এয়াৰ শ্ব’ৰ সময়ত সংঘটিত হোৱা তেজছ
लड़ाकू विमान 'तेजस' क्रैश


- আকাশী প্ৰদৰ্শনৰ সময়ত মাটি স্পৰ্শ কৰাৰ কেইছেকেণ্ডমানৰ ভিতৰতে বিমানখন জুইৰ শিখাত পৰিণত

নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। ডুবাই এয়াৰ শ্ব’ৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাত ভাৰতীয় তেজছ বিমানৰ পাইলটৰ মৃত্যু হৈছে। ডুবাই এয়াৰ শ্ব’ৰ সময়ত সংঘটিত হোৱা তেজছ বিমান দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে ভাৰতীয় বায়ুসেনাই। দুৰ্ঘটনাটো অত্যন্ত যন্ত্ৰণাদায়ক আৰু হৃদয় বিদাৰক আছিল। ঘটনাৰ কাৰণ জানিবলৈ তদন্তকাৰী দলে কাম কৰি আছে।

যোৱা ১৭ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ডুবাই এয়াৰ শ্ব’ত বায়ুসেনাৰ সাৰং ডিছপ্লে টিম আৰু তেজছ যুঁজাৰু বিমানে ভাৰতৰ আকাশী শক্তি প্ৰদৰ্শন কৰে। পৰিদৰ্শন কৌশলৰ সমান্তৰালভাৱে ভাৰতৰ লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) তেজছে নিজৰ ধৰণেৰে ডুবাইৰ জনসাধাৰণ আৰু ডুবাই এয়াৰ শ্ব’লৈ অহা দৰ্শনাৰ্থীসকলক নমস্তে ইংগিতেৰে সম্ভাষণ জনায়। এই উপলক্ষে অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ সময়ত হিন্দুস্তান এৰ’নটিক্স লিমিটেডেও নিজৰ ষ্টলত এল চি এ তেজছ প্ৰদৰ্শন কৰে। এল চি এৰ আকাশী দক্ষতাই তেজছৰ প্ৰতি আগ্ৰহী বহু দেশক আকৰ্ষণ কৰিছে।

ডুবাই এয়াৰ শ্ব’ৰ বাবে ডুবাইৰ আল মাকতুম এয়াৰ বেছত অৱতৰণ কৰে বায়ুসেনাৰ সূৰ্যকিৰণ এৰ’বেটিক টিম আৰু তেজাছ যুঁজাৰু বিমানৰ এটা দল। এই বিশ্বব্যাপী অনুষ্ঠানৰ লক্ষ্য হৈছে আন্তঃকাৰ্য্যক্ষমতা, কাৰ্য্যকৰী প্ৰান্ত বৃদ্ধি কৰা, সামৰিক আৰু ব্যৱসায়িক সহযোগিতাক প্ৰসাৰ কৰা। এয়াৰ শ্ব’ৰ অন্তিম দিনটোত ভাৰতৰ তেজছ যুঁজাৰু বিমানখনে উৰণৰ সময়ত তীব্ৰভাৱে তললৈ নামি অহা যেন দেখা গৈছিল আৰু কেইছেকেণ্ডমানৰ পাছত দুপৰীয়া ২:১০ বজাত মাটি স্পৰ্শ কৰাৰ লগে লগে জুইত জাহ গৈছিল। এয়াৰ শ্ব’ চাবলৈ সমবেত হৈছিল হাজাৰ হাজাৰ দৰ্শক।

এয়াৰ শ্ব’ত আকাশী প্ৰদৰ্শনৰ সময়ত সংঘটিত হোৱা দুৰ্ঘটনাটোৱে দৰ্শকৰ বাবে এক কৰুণ আৰু হৃদয়বিদাৰক দৃশ্যৰ সৃষ্টি কৰিছিল, যাৰ ফলত লৰাঢপৰাৰ সৃষ্টি হৈছিল। ডুবাই ৱৰ্ল্ড চেণ্ট্ৰেলৰ আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত ক’লা ধোঁৱা ওলোৱাৰ পিছত ছাইৰেন বাজি উঠিল। ডুবাই মিডিয়া অফিচে প্ৰকাশ কৰে তেজছ দুৰ্ঘটনাৰ ফটো। ডুবাই মিডিয়া অফিচৰ তথ্য অনুসৰি, অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন দলে এই ঘটনাৰ লগে লগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিস্থিতিৰ থিতাতে চম্ভালি লয়। ইউ এ ইৰ নিৰাপত্তা বাহিনীয়ে লগে লগে ডুবাই এয়াৰশ্ব’লৈ অহা সকলো দৰ্শনাৰ্থীক বাহিৰ উলিয়াবলৈ আৰম্ভ কৰে। দুৰ্ঘটনাস্থলীত উদ্ধাৰ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল মোতায়েন কৰা হৈছে।

দুৰ্ঘটনাৰ পিছতে ভাৰতীয় বায়ুসেনাই পাইলটজনৰ মৃত্যু নিশ্চিত কৰি এক বিবৃতিত কয় যে, আজি ডুবাই এয়াৰশ্ব'ত আকাশী প্ৰদৰ্শনৰ সময়ত এখন বায়ুসেনাৰ তেজছ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোত পাইলটজন মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হয়। বায়ুসেনাই প্ৰাণ হেৰুৱাৰ বাবে গভীৰভাৱে দুখ প্ৰকাশ কৰিছে আৰু এই শোকৰ এই সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে। দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰিবলৈ এখন তদন্ত আদালত গঠন কৰা হৈছে।

আজি ডুবাই এয়াৰ শ্ব’ত আকাশী প্ৰদৰ্শনৰ সময়ত বায়ুসেনাৰ তেজছ বিমানৰ সৈতে সংঘটিত হোৱা দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰে প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহান আৰু ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সকলো ৰেংকে। তেওঁলোকে উল্লেখ কৰে যে পাইলটজনৰ জীৱন হেৰুওৱাত তেওঁলোক গভীৰভাৱে দুখী আৰু এই শোকৰ সময়ত শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে দৃঢ়তাৰে থিয় দিছে।

এয়া দ্বিতীয়টো তেজছ বিমান দুৰ্ঘটনা। পূৰ্বৰ তেজছ বিমানখন ২০২৪ চনত ৰাজস্থানৰ পোখৰণত ইঞ্জিন বিকল হোৱাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande