বজালী নিত্যানন্দত বিদ্যুৎৰ খুটাত তীব্ৰ বেগী গাড়ীৰ খুন্দা
বৰপেটা, ২১ নৱেম্বৰ (হি.স.)। ৰাসৰ আনন্দৰ মাজতে বজালীৰ নিত্যানন্দত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পাঠশালা ৰাসত মৰ্মিতা মিত্ৰৰ অনুষ্ঠান চাই উভতি অহাৰ পথতে বিলাসী থাৰ(THAR) বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বিদ্যুৎৰ খুটাত। লগে লগে বিকট শব্
বজালী নিত্যানন্দত  বিদ্যুৎৰ খুটাত তীব্ৰ বেগী গাড়ীৰ খুন্দা


বৰপেটা, ২১ নৱেম্বৰ (হি.স.)। ৰাসৰ আনন্দৰ মাজতে বজালীৰ নিত্যানন্দত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পাঠশালা ৰাসত মৰ্মিতা মিত্ৰৰ অনুষ্ঠান চাই উভতি অহাৰ পথতে বিলাসী থাৰ(THAR) বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বিদ্যুৎৰ খুটাত। লগে লগে বিকট শব্দৰে গাড়ী খনৰ পৰা নিৰ্গত ধোৱাৰে অঞ্চলটো ধোৱাময় হৈ পৰে। ঘটনা সংঘটিত কৰিয়ে বিলাসী বাহনৰ চালক গৰাকী পলায়ন কৰে। বাহনৰ চালকৰ পৰিচয় বৰ্তমান মূহুৰ্তলৈকে উদ্ধাৰ হোৱা নায়।গাড়ী খনে বিদ্যুৎৰ খুটাটোত প্ৰচণ্ড জোৰে খুন্দা মৰাত নিত্যানন্দ কাহাৰপাৰা জুৰি সমগ্ৰ অঞ্চলটোত বিদ্যুৎ সংযোগ বিছিন্ন আছে। ঘটনাৰ পিছতে স্থানীয় ৰাইজে পৰিস্থিতি উত্তপ্ত কৰে যদিও পিছত ঘটনাস্থলীত পাটাছাৰকুছি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande