
বেলেম (ব্ৰাজিল), ২১ নৱেম্বৰ (হি.স.)। ব্ৰাজিলৰ আমাজন চহৰ বেলেমত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ মূল স্থানত বৃহস্পতিবাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কমেও ২১ জন লোক আহত হয়। অৱশ্যে বৃহৎ দুৰ্যোগলৈ পৰিণত হোৱাৰ পূৰ্বেই জুই নিয়ন্ত্ৰণলৈ অনা হয়।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই অগ্নিকাণ্ডত কমেও ২১ জন লোক আহত হৈছে, ইয়াৰে অধিকাংশই ধোঁৱাৰ বাবে উশাহ লোৱাৰ ফলত অসুস্থ হৈছে। অৱশ্যে বিষয়াসকলে দাবী কৰিছে যে অগ্নিকাণ্ড শীঘ্ৰে নিয়ন্ত্ৰণলৈ অনা হৈছে আৰু সন্মিলন নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব।
খবৰ অনুসৰি এই ঘটনা সংঘটিত হয় প্ৰায় ৩ বজাত। স্থানীয় সময়ত যেতিয়া সন্মিলনৰ ব্লু জ'ন অঞ্চলৰ এটা পেভিলিয়নত ধোঁৱা ওলাইছিল।
খবৰ অনুসৰি প্ৰতিনিধিসকলক লগে লগে খালী কৰিবলৈ নিৰ্দেশ দিয়াৰ ফলত ১৯০খনতকৈও অধিক দেশৰ কূটনীতিবিদ, বিজ্ঞানী, পৰিৱেশ কৰ্মীসকলে ৰাজপথলৈ লৰালৰিকৈ ওলাই আহিল।
তাৰ মাজতে, ব্ৰাজিলৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি আহতসকলৰ ভিতৰত ১৯ জন শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকাৰ বিপৰীতে আন দুজন লোক হঠাৎ হোৱা অগ্নিকাণ্ডৰ ফলত মানসিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কোনো লোক অগ্নিদগ্ধ হোৱাৰ খবৰ পোৱা নগ’ল। বিবৃতি অনুসৰি ১২ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে, বাকীসকল চিকিৎসাধীন হৈ আছে।
স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ মতে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট বা মাইক্ৰৱেভ ডিভাইচৰ সৈতে সংযুক্ত জেনেৰেটৰৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা আছে। বিভাগটোৱে জনোৱা মতে, ছয়ৰ পৰা ত্ৰিশ মিনিটৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
ব্ৰাজিলৰ পৰ্যটন মন্ত্ৰী চেলছ’ ছাবিনোৱে কয় যে, “অগ্নিনিৰ্বাপক বাহিনী আৰু অন্যান্য নিৰাপত্তাৰক্ষী দলে দ্ৰুত সঁহাৰি জনায় যদিও পৰিস্থিতি পৰ্যবেক্ষণৰ অধীনত আছে।”
এই সন্মিলনৰ সময়ত এই কাণ্ড সংঘটিত হয়, য’ত দেশসমূহে সেউজ গৃহ গেছৰ নিৰ্গমন হ্ৰাস, জলবায়ুৰ বিত্তীয় সাহায্য, জীৱাশ্ম ইন্ধনৰ পৰা আঁতৰি যোৱাৰ চুক্তিৰ বিষয়ে আলোচনা কৰি আছিল।
ইফালে, ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে বৃহস্পতিবাৰে পুৱা প্ৰতিনিধিসকলক “সৎ চুক্তি”ত উপনীত হ’বলৈ আহ্বান জনায়।
১০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা চিওপি ৩০ সন্মিলনৰ আজি অন্তিম দিন।
हिन्दुस्थान समाचार / অৰৱিন্দ