বিত্তমন্ত্ৰীৰ আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞৰ সৈতে বাজেটৰ পূৰ্বৰ বৈঠক অনুষ্ঠিত
নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত শুকুৰবাৰে নতুন দিল্লীত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে একাদশ সংখ্যক বাজেট পূৰ্বৰ বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ
11वीं बजट पूर्व बैठक की अध्‍यक्षता करते निर्मला सीतारमण


11वीं बजट पूर्व बैठक की अध्‍यक्षता करते निर्मला सीतारमण


নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত শুকুৰবাৰে নতুন দিল্লীত আন্তঃগাঁথনি আৰু শক্তি খণ্ডৰ বিশেষজ্ঞসকলৰ সৈতে একাদশ সংখ্যক বাজেট পূৰ্বৰ বৈঠক অনুষ্ঠিত হয়।

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ৰ সৈতে জড়িত এই বৈঠক। কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত শক্তি মন্ত্ৰালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব, ৰেলৱে ব’ৰ্ডৰ অধ্যক্ষ, ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা আদি উপস্থিত থাকে। এই বৈঠকখন মন্ত্ৰালয়ৰ বাৰ্ষিক অংশীদাৰসকলৰ সৈতে জড়িত প্ৰক্ৰিয়াৰ অংশ, য’ত শ্ৰমিক সংস্থাসমূহে কেন্দ্ৰীয় বাজেটৰ পূৰ্বে মজুৰি, সামাজিক সুৰক্ষা, নিয়োগ সৃষ্টি, আৰু শ্ৰমিকৰ কল্যাণৰ ওপৰত নিজৰ উদ্বেগ প্ৰকাশ কৰে।

শেহতীয়াকৈ বেংকিং, আতিথ্য, আই টি, আৰু ষ্টাৰ্টআপৰ দৰে অন্যান্য খণ্ডৰ প্ৰতিনিধিৰ সৈতেও একেধৰণৰ বাজেটৰ পূৰ্বে আলোচনা কৰা হৈছে। বাজেটৰ পূৰ্বৰ বৈঠক মূলতঃ চৰকাৰী বিত্ত বিষয়া আৰু বিত্তমন্ত্ৰীয়ে চূড়ান্ত কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰি বিধায়িনী দলৰ সন্মুখত দাখিল কৰাৰ পূৰ্বে বিভিন্ন অংশীদাৰৰ সৈতে আলোচনা আৰু পৰামৰ্শৰ প্ৰক্ৰিয়া।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande