হোজাইত এহাজাৰ বিঘা কৃষিভূমি অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৃষিজীৱি ৰাইজৰ
হোজাই ২১ নৱেম্বৰ (হি.স.)। হোজাইত ইণ্ডাষ্টিয়েল পাৰ্কৰ নামত চৰকাৰে এহাজাৰ বিঘা কৃষিভূমি অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষিজীৱী ৰাইজে। জিলা খনৰ লংকা ৰাজহ চক্ৰৰ ইটাগাঁওৰ এহাজাৰ বিঘা ম্যাদীপট্টা কৃষিভূমি ইণ্ডাষ্টিয়েল পাৰ্কৰ না
হোজাইত এহাজাৰ বিঘা কৃষিভূমি অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৃষিজীৱি ৰাইজৰ


হোজাই ২১ নৱেম্বৰ (হি.স.)। হোজাইত ইণ্ডাষ্টিয়েল পাৰ্কৰ নামত চৰকাৰে এহাজাৰ বিঘা কৃষিভূমি অধিগ্ৰহণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষিজীৱী ৰাইজে। জিলা খনৰ লংকা ৰাজহ চক্ৰৰ ইটাগাঁওৰ এহাজাৰ বিঘা ম্যাদীপট্টা কৃষিভূমি ইণ্ডাষ্টিয়েল পাৰ্কৰ নামত হস্তান্তৰ কৰিবলৈ ইতিমধ্যে জাৰি কৰিচে নটিচ।

চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক লৈ বৃহত্তৰ অঞ্চলটোৰ একাধিক কৃষিজীৱি পৰিয়ালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। আদিবাসী,নেপালী,মণিপুৰী আৰু বেংগলী প্ৰধান অঞ্চলটোৰ প্ৰায়সকল লোকেই একমাত্ৰ কৃষিকে সাৰথি কৰি জীৱন নিৰ্বাহ কৰি আছে। কৃষক সকলে দাবী কৰিছে যে,অঞ্চলটোৰ কাষতে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ লগতে হোজাই জিলা অসামৰিক চিকিৎসালয় খন আছে।এনেক্ষেত্ৰত,উদ্যোগ স্থাপন হ'লেই প্ৰদূষণ হোৱাৰ সম্ভাৱনা প্ৰকট। এই সন্দৰ্ভত হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱক বহুবাৰ অনুৰোধ জনাই কোনো ফল নাপালে কৃষক সকলে।সেয়ে,চৰকাৰক বিষয়টো পুনৰবাৰ বিবেচনাৰ বাবে আহ্বান জনাইছে কৃষক সকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande