বৰপেটাত ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ লাইখুটা স্থাপন
বৰপেটা,২১ নৱেম্বৰ (হি.স.)। বৰপেটাত ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ লাইখুটা স্থাপন। বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুস্থিত হবলগীয়া ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ শুক্ৰবাৰে লাইখুটা স্থাপন কৰা হয় । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰী
বৰপেটাত ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ লাইখুটা স্থাপন


বৰপেটা,২১ নৱেম্বৰ (হি.স.)। বৰপেটাত ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ লাইখুটা স্থাপন।

বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুস্থিত হবলগীয়া ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাৰ শুক্ৰবাৰে লাইখুটা স্থাপন কৰা হয় । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাস বাপজনাই গায়ন বায়নৰ খোল তাল, হৰিধ্বনি, আৰু আইসকলৰ উৰুলিৰ মাজেৰে লাইখুটা স্থাপন কৰে ৷

অহা ৩ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ৮ দিনযোৰা কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হবলগীয়া ৪ৰ্থ ৰাষ্ট্ৰীয় বৰপেটা গ্ৰন্থ আৰু বিজ্ঞান মেলাত ৰাজ্যৰ কেবাটাও প্ৰকাশন সংস্থা আৰু বিপনীয়ে অংশগ্ৰহন কৰিব। আনহাতে গ্ৰন্থমেলা উপলক্ষে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰিছে আয়োজক সমিতিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande