
ইছলামাবাদ, ২১ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশত আজি পুৱা ৪.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ জোকাৰণি লোয়াৰ ডিৰত অনুভূত হয়।
দুনিয়া নিউজৰ মতে, কঁপনি অনুভৱ কৰাৰ লগে লগে আতংকিত বাসিন্দাসকলে ঘৰৰ পৰা ওলাই যায়। লোয়াৰ ডিৰৰ কোনো অংশত হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই।
ইছলামাবাদৰ নেশ্যনেল ছিছমিক মনিটৰিং চেণ্টাৰৰ তথ্য অনুসৰি আফগানিস্তানৰ হিন্দু কুছ ৰেঞ্জত ৯৩ কিলোমিটাৰ গভীৰতাত এই ভূঁইকঁপৰ কেন্দ্ৰস্থল আছিল।
প্লেটৰ গতিবিধিৰ পোনে পোনে তলত ভূতাত্ত্বিক শক্তি নিৰ্গত হোৱা স্থানটোৱেই হৈছে ভূগৰ্ভ কেন্দ্ৰ। এই স্থানত আটাইতকৈ তীব্ৰ কম্পন হয়।
ৰিখটাৰ স্কেলৰ ৭ বা তাতকৈ অধিক জোখৰ ভূমিকম্প ৪০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুভৱ কৰা হয়। ভূমিকম্পৰ কম্পাঙ্ক বেছি নে কম তাৰ ওপৰতো নিৰ্ভৰ কৰে। যদি কম্পনৰ কম্পাঙ্ক বেছি হয় তেন্তে কম এলেকা প্ৰভাৱিত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ