
ঢাকা, ২১ নৱেম্বৰ (হি.স.)। বাংলাদেশৰ ৰাজধানী ঢাকাৰ সমীপৰ নাৰ্চিংদি জিলাত শুকুৰবাৰে পুৱা অনুভূত হোৱা ভূমিকম্পত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হয়। এই ভূমিকম্পৰ প্ৰাৱল্য ৫.৭ ৰিখটাৰ স্কেলত জোখা হয়।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (ইউএথজিএছ)ৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি পুৱা ১০:০৮ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ঢাকাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বত নাৰ্চিংডিৰ পৰা ১৩ কিলোমিটাৰ দক্ষিণ-পশ্চিমে অৱস্থিত। ভূমিকম্পৰ গভীৰতা আছিল ১০ কিলোমিটাৰ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ঢাকাৰ পুৰণি চহৰৰ আৰ্মানিটোলাত আঠ মহলীয়া অট্টালিকাৰ চাদত থকা ইটাৰ ৰেলিং ভাঙি থিতাতে তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জন লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়।
স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, আহত ১০ জনক ঢাকা মেডিকেল কলেজ হাস্পতালত, ৭২ জনক তাজুদ্দিন মেডিকেল কলেজ, আৰু ৪৫ জনক নাৰ্চিংডি জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। গুৰুতৰভাৱে আহত একাংশক ঢাকালৈ প্ৰেৰণ কৰা হয়।
ইফালে, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, কম্পন ইমানেই প্ৰবল আছিল যে মানুহে ঘৰৰ পৰা দৌৰি ওলাই আহি ৰাজপথত চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে।
ঢাকাৰ উপৰিও নাৰ্চিংডি, গাজীপুৰ, নাৰায়ণগঞ্জ, আৰু মুনছিগঞ্জ জিলাতো এই ভূমিকম্প অনুভৱ কৰা হয়। ভূমিকম্পৰ ফলত ঢাকাৰ কেইবাটাও অট্টালিকাত ফাট মেলাৰ লগতে নিৰ্মাণৰত অট্টালিকাৰ দেৱাল ভাঙি কেইবাজনো লোক আহত হয়।
ডিডিএমৰ মতে, জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ নতুনকৈ নিৰ্মিত ছাত্ৰাবাসত ফাট মেলিছিল যদিও তাত কোনো লোকৰ মৃত্যু হোৱা নাই। বাংলাদেশৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ২৬ ছেকেণ্ড সময় ধৰি এই কম্পন চলিছিল।
ভূমিকম্পৰ ফলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ লগতে ঢাকাত চলি থকা বাংলাদেশ-আয়াৰলেণ্ডৰ টেষ্ট মেচখনো কিছু সময়ৰ বাবে বন্ধ হৈ পৰে।
ইফালে অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে নাগৰিকসকলক শান্ত হৈ থাকিবলৈ আৰু উৰাবাতৰিক আওকাণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, আমি সকলোৰে সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। প্ৰয়োজন হ'লে হটলাইন আৰু চৰকাৰী চেনেলৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰা হ'ব।
বাংলাদেশৰ চুবুৰীয়া দেশ ভাৰততো মৃদু কঁপনি অনুভূত হয়। ইয়াৰ প্ৰভাৱ পশ্চিম বংগ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহত অনুভৱ কৰা হৈছে। পুৱা প্ৰায় ১০:১০ বজাত ঘৰৰ পৰা ওলাই আহিল কলকাতাৰ লোক। অৱশ্যে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কোনো বৃহৎ ক্ষতিৰ বাতৰি প্ৰকাশ কৰা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ