লামডিঙ জংচনত আৰক্ষীৰ অভিযানত ১ কেজি ১৭ গ্ৰাম ড্ৰাগছ জব্দ
হোজাই, ২১ নৱেম্বৰ (হি.স.)। লামডিঙত আৰপিএফৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত আছে। লামডিঙ জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। আৰপিএফ আৰু জিআৰপি ৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নামনিমুৱা ১৪৬১৯ নং আগৰতলা ত্ৰি
লামডিঙ জংচনত আৰক্ষীৰ অভিযানত ১ কেজি ১৭ গ্ৰাম ড্ৰাগছ জব্দ


হোজাই, ২১ নৱেম্বৰ (হি.স.)। লামডিঙত আৰপিএফৰ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্য়াহত আছে। লামডিঙ জংচনত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। আৰপিএফ আৰু জিআৰপি ৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

নামনিমুৱা ১৪৬১৯ নং আগৰতলা ত্ৰিপুৰা সুন্দৰি এক্সপ্ৰেছ ট্ৰেইন খনত অভিযান চলাই ১৫ টা চাবোনৰ বাকছত প্ৰায় ১ কেজি ১৭ (গ্ৰাম) ড্ৰাগছ উদ্ধাৰ কৰিব সক্ষম হয় ৰে’ল আৰক্ষী। জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য ২ কোটি ৩৪ লাখ টকা হ’ব বুলি কোৱা হৈছে। আৰপিএফ আৰু জিআৰপি ট্ৰেইনখনৰ ৩ নং ডবাত অভিযান চলাই ড্ৰাগছখিনি উদ্ধাৰ কৰে। অৱশ্য়ে এই মুহুৰ্তলৈকে কোনো লোকক আটক কৰিব পৰা নাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande