দলগাঁৱত আৰক্ষী অভিযানত ১০ কেজি গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰী আটক
দৰঙ, ২১ নৱেম্বৰ (হি.স.)। দলগাঁৱত গাঞ্জা জব্দ, এজনক আটক৷ দৰঙৰ দলগাঁৱৰ ৫ নং বৰুৱাঝাৰত ১০ কেজি গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰা হয়৷ দলগাঁও থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰ পম খেদি গাঞ্জাৰ সৈতে এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰৌতাৰ দিশৰ প
দলগাঁৱত আৰক্ষী অভিযানত ১০ কেজি গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰী আটক


দৰঙ, ২১ নৱেম্বৰ (হি.স.)। দলগাঁৱত গাঞ্জা জব্দ, এজনক আটক৷ দৰঙৰ দলগাঁৱৰ ৫ নং বৰুৱাঝাৰত ১০ কেজি গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰা হয়৷ দলগাঁও থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰ পম খেদি গাঞ্জাৰ সৈতে এজন যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰৌতাৰ দিশৰ পৰা বাছ এখনত আহি বেছিমাৰীত বাছৰ পৰা নামি খোজ কাঢ়ি গৈ থকা অৱস্থাত ১০ কেজি গাঞ্জাৰ সৈতে ৰফিকুল ইছলাম নামৰ যুৱক এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

গাঞ্জা সৰবৰাহকাৰী জনক বৰ্তমান দলগাও আৰক্ষী থানাত জেৰা চলাই থকা হৈছে। গাঞ্জা সৰবৰাহকাৰী ৰফিকুল ইছলামৰ ঘৰ ৰৌতা ঝাৰগাঁৱত বুলি জানিব পৰা গৈছে। অঞ্চলটোত গাঞ্জাৰ প্ৰচলনে যুৱ প্ৰজম্মৰ মাজত ড্ৰাগচ আসক্তৰ সংখ্য়া বৃদ্ধি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande