“ভ্ৰাতৃত্ববোধ ভাৰতৰ ধৰ্ম” — মণিপুৰ জনজাতীয় নেতৃত্বৰ আলোচনাত সামাজিক ঐক্যৰ আহ্বান ডা০ মোহন ভাগৱতৰ
ইম্ফল, ২১ নৱেম্বৰ (হি.স.)। তিনিদিনীয়া মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা ইম্ফলত জনজাতীয় প্ৰতিনিধিৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে কয় যে ৰাষ্ট্ৰ আৰু সমাজত স্থায়ী শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ বাব
মণিপুৰ জনজাতীয় নেতৃত্বৰ আলোচনাত ডা০ মোহন ভাগৱত


“ভ্ৰাতৃত্ববোধ ভাৰতৰ ধৰ্ম” — মণিপুৰ জনজাতীয় নেতৃত্বৰ আলোচনাত সামাজিক ঐক্যৰ আহ্বান ডা০ মোহন ভাগৱতৰ


ইম্ফল, ২১ নৱেম্বৰ (হি.স.)। তিনিদিনীয়া মণিপুৰ ভ্ৰমণৰ দ্বিতীয় দিনা ইম্ফলত জনজাতীয় প্ৰতিনিধিৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ সৰসংঘচালক ডা০ মোহন ভাগৱতে কয় যে ৰাষ্ট্ৰ আৰু সমাজত স্থায়ী শান্তি, সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে একতা আৰু চৰিত্ৰ গঠন শক্তিশালী কৰাটো অতি প্ৰয়োজনীয়।

কাৰ্যসূচীৰ অন্তত ইম্ফল ভাস্কৰ প্ৰভা চৌহদত পৰম্পৰাগত মণিপুৰী আহাৰ গ্ৰহণৰ আয়োজন কৰা হয়, য’ত বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ ২০০ৰো অধিক প্ৰতিনিধিয়ে ডা০ ভাগৱতৰ সৈতে যোগদান কৰি সামাজিক সম্প্ৰীতি আৰু সাংস্কৃতিক গৌৰৱৰ নিদৰ্শন দাঙি ধৰে।

ভাষণত ডা০ ভাগৱতে কয় যে আৰ এছ এছ এটা সম্পূৰ্ণ সামাজিক সংগঠন, যাৰ উদ্দেশ্য সমাজক শক্তিশালী কৰা। ‘আৰএছএছ কাৰো বিৰোধী নহয়। সমাজক বিভাজিত কৰিবলৈ নহয়, বৰঞ্চ সমাজক একত্ৰিত কৰিবলৈ গঠন কৰা হৈছে। নেতা, ৰাজনীতি, চৰকাৰ—সকলোৱেই সমাজৰ অংশীদাৰ, কিন্তু সমাজৰ প্ৰকৃত প্ৰয়োজন হৈছে একতা।” তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে সংঘই ৰাজনীতিত লিপ্ত নহয়, কোনো সংগঠনকো পৰিচালনা নকৰে—“সংঘই কেৱল বন্ধুত্ব, মৰম আৰু সামাজিক সম্প্ৰীতিৰে কাম কৰে।”

ভাৰতৰ চলি থকা সভ্যতাৰ চেতনাক আলোকপাত কৰি তেওঁ কয় যে অধ্যয়নৰ পৰা দেখা গৈছে যে ভাৰতৰ জনসাধাৰণৰ সাংস্কৃতিক আৰু জিনীয় ডি এন এ ৪০ হাজাৰ বছৰ ধৰি একেই আছে। “আমাৰ বৈচিত্ৰ্য সুন্দৰ, কিন্তু আমাৰ চেতনা এক... একতাৰ বাবে একাকাৰীতাৰ প্ৰয়োজন নাই।”

ড° ভীমৰাও আম্বেদকাৰৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সংবিধানত নিহিত হৈ থকা মূল মূল্যবোধসমূহ— স্বাধীনতা, সমতা আৰু ভ্ৰাতৃত্ববোধ—ফৰাচী বিপ্লৱৰ পৰা নহয়, ভগৱান বুদ্ধৰ শিক্ষাৰ পৰা অনুপ্ৰাণিত। তেওঁ কয়, “পৃথিৱীৰ বহু দেশে ভ্ৰাতৃত্ববোধক মূল্য নিদিয়াৰ বাবে বিফল হ’ল। কিন্তু ভাৰতত ভ্ৰাতৃত্ববোধেই হৈছে ধৰ্ম।”

সংঘৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্যৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি ডা° ভাগৱতে কয় যে ই কোনো প্ৰতিক্ৰিয়া নহয়, বৰঞ্চ সমাজৰ ঐক্যৰ বাবেহে। “সংঘ হৈছে মানৱ বিকাশ আৰু চৰিত্ৰ গঠনৰ অভিযান। ইয়াৰ বাস্তৱতা বুজিব বিচাৰিলে শাখালৈ আহক।”

তেওঁ কয় যে যিয়ে সমাজৰ কল্যাণৰ বাবে নিস্বাৰ্থভাৱে কাম কৰে আৰু ভাৰতীয় সভ্যতাৰ সৈতে আত্মীয়তা ৰাখে তেওঁ এজন “অঘোষিত স্বেচ্ছাসেৱক”। সংঘই নিজৰ বাবে একো নিবিচাৰে, ই কেৱল এখন ভাল সমাজ বিচাৰে।

জনজাতীয় নেতাসকলে উত্থাপন কৰা বিষয়সমূহৰ সন্দৰ্ভত তেওঁ তেওঁলোকক আশ্বাস দিয়ে যে, আপোনালোকৰ বিষয়সমূহ আমাৰ বিষয়। তেওঁ কয় যে সমস্যাসমূহ এটা পৰিয়ালৰ ভিতৰত, আলোচনাৰ জৰিয়তে আৰু সাংবিধানিক কাঠামোৰ ভিতৰত সমাধান কৰিব লাগে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে বহু আঞ্চলিক সমস্যা আৰু বিভাজনৰ শিপা ঔপনিৱেশিক যুগৰ নীতিত নিহিত হৈ আছে।

মানৱ বিকাশক জাতীয় নৱজাগৰণৰ ভেটি বুলি অভিহিত কৰি ডা০ ভাগৱতে সদ্ভাৱনা বৈঠক আৰু পঞ্চ পৰিৱৰ্তনৰ সংঘৰ চলি থকা প্ৰচেষ্টা—সামাজিক সম্প্ৰীতি, পাৰিবাৰিক জ্ঞান, পৰিৱেশ সুৰক্ষা, আত্মসচেতনতা, আৰু নাগৰিক কৰ্তব্যৰ কথা উল্লেখ কৰে।

তেওঁ জনজাতীয় জনগোষ্ঠীসমূহক খিলঞ্জীয়া জীৱনশৈলী গ্ৰহণ কৰিবলৈ আৰু নিজৰ পৰম্পৰা, ভাষা, লিপিৰ প্ৰতি গৌৰৱ কৰিবলৈ আহ্বান জনায়। আজি বিশ্বই পথ প্ৰদৰ্শনৰ বাবে ভাৰতৰ ফালে চাইছে। আমি এটা শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তুলিব লাগিব, আৰু ইয়াৰ বাবে আৰ এছ এছে অক্লান্তভাৱে কাম কৰি আছে।

এই ঐতিহাসিক জনজাতীয় নেতৃত্বৰ বাৰ্তালাপ আৰু সামূহিক ভোজত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ সন্নিবিষ্ট কৰা হৈছিল—সাংস্কৃতিক ঐক্য, পাৰস্পৰিক সন্মান, আৰু জাতীয় দায়বদ্ধতাৰ এক সজীৱ বাৰ্তা।

জনজাতীয় সমাৱেশৰ সমান্তৰালকৈ ইম্ফলত যুৱক-যুৱতীসকলৰ সৈতে এক বিশেষ আদান-প্ৰদানত আৰ এছ এছৰ মুৰব্বী ডা০ মোহন ভাগৱতে নৱপ্ৰজন্মক এই কথা বুজিবলৈ আহ্বান জনায় যে ভাৰত এখন নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰ নহয়, বৰঞ্চ এক প্ৰাচীন আৰু অখণ্ড ৰাষ্ট্ৰ-সভ্যতা। তেওঁ কয় যে আমাৰ মহাকাব্যসমূহত—ৰামায়ণ আৰু মহাভাৰতত—মণিপুৰ, বাৰ্মা, বৰ্তমানৰ আফগানিস্তানৰ দৰে অঞ্চলৰ উল্লেখ আছে, যিয়ে ভাৰতৰ বিশাল সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। তেওঁ কয়, হিন্দু সভ্যতা গ্ৰহণযোগ্যতা, পাৰস্পৰিক সন্মান, আৰু ভাগ-বতৰা চেতনাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। আমাৰ বৈচিত্ৰময় সমাজখনেই আমাৰ শক্তি, কিয়নো ধৰ্মই আমাক ভিতৰৰ পৰা একত্ৰিত কৰি ৰাখে। তেওঁ যুৱক-যুৱতীসকলক নিজৰ পৰিচয়ক লৈ গৌৰৱ কৰি সাংস্কৃতিক আত্মবিশ্বাসেৰে নেতৃত্ব দিবলৈ আহ্বান জনায়।

যুৱ শক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ এক অগ্ৰণী শক্তি বুলি অভিহিত কৰি ডা০ ভাগৱতে কয় যে আৰ এছ এছৰ শাখাসমূহে নিজৰ দক্ষতা আৰু প্ৰতিভা দেশৰ বাবে উৎসৰ্গা কৰা দায়িত্বশীল, সক্ষম আৰু নিস্বাৰ্থ নাগৰিকক প্ৰস্তুত কৰে। তেওঁ কয় যে প্ৰকৃত অগ্ৰগতি ব্যক্তিগত উৎকৰ্ষতাৰ পৰা সমাজৰ ৰূপান্তৰ আৰু শেষত ব্যৱস্থাগত ৰূপান্তৰলৈ গতি কৰে। পশ্চিমীয়া বস্তুবাদ আৰু চৰম ব্যক্তিবাদৰ প্ৰভাৱৰ বিৰুদ্ধে সতৰ্ক কৰি দি তেওঁ কয় যে শক্তিশালী পৰিয়াল আৰু মূল্যবোধভিত্তিক মূল্যবোধেই হৈছে শক্তিশালী জাতিৰ ভেটি। তেওঁ যুৱক-যুৱতীসকলক আহ্বান জনায়, “স্বাৰ্থৰ উৰ্ধত চিন্তা কৰক—ভাৰত উত্থান হ’লেহে বিশ্বৰ উত্থান ঘটিব। জাগ্ৰত, সংগঠিত আৰু দৃঢ় সংকল্পৰে আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য।”

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande