
নগাঁও, ২১ নৱেম্বৰ (হি.স.)। অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ নিৰ্দেশত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু নগাঁও বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত আয়োজিত যুৱ সংসদ আজি নগাঁও বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়। এই যুৱ সংসদৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই।
ড০ ডেকাই যুৱ সংসদ আয়োজন কৰাৰ বাবে নগাঁও জিলা প্ৰশাসন আৰু অসম চৰকাৰৰ সংসদীয় পৰিক্ৰমা বিভাগৰ শলাগ লয় আৰু যুৱ নেতা সৃষ্টি কৰাৰ এয়া এক প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। এই অনুষ্ঠানত জিলা প্ৰশাসনৰ তৰফৰ পৰা আদৰণী ভাষণ প্ৰদান কৰে সুমিত দাসে। দাসে ভৱিষ্যতে ৰাজনৈতিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যোৱাত, সংসদৰ নিয়মাৱলী সম্পৰ্কে জনাত ছাত্ৰ-ছাত্ৰীক এই যুৱ সংসদে সহায় কৰিব বুলি মন্তব্য কৰে।
নগাঁও বিশ্ববিদ্যালয়ৰ এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা আৰু ড০ অৰণি শইকীয়াই শলাগৰ শৰাই প্ৰদান কৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰে নগাঁও বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত কুল সচিব ধ্ৰুৱজ্যোতি বৰুৱাই। এই যুৱ সংসদৰ অধ্যক্ষতা কৰে আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বিপুল কুমাৰ বৰা। বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ক্ৰমে- মাই ভাৰত কেন্দ্ৰ, নগাঁৱৰ গাণনিক বিষয়া ধনঞ্জয় তালুকদাৰ, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক হীৰকজ্যোতি বৰা আৰু অধীবক্তা দীপা শইকীয়াই। যুৱ সংসদত নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ বিৰানব্বৈজন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী