
নগাও, ২১ নৱেম্বৰ (হি.স.)। উদুলি মুদুলি ৰহা মহাবিদ্যালয়৷ ৬০ বছৰীয়া এক স্বৰ্ণিল যাত্ৰা ৰহাৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ৰহা মহাবিদ্যালয়ৰ৷ ৬০বছৰত ভৰি দিয়া ঐতিহ্যমণ্ডিত মহাবিদ্যালয় খনত শুক্ৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে হীৰক জয়ন্তী মহোৎসৱৰ৷ হীৰক জয়ন্তী উপলক্ষে শ শ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমান আৰু অৱসৰী শিক্ষৰ শিক্ষয়িত্ৰী তথা ৰহাৰ ৰাইজৰ উপস্থিতিয়ে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰে ৰহা মহাবিদ্যালয়৷
’ৰহা মহাবিদ্যালয় গীতেৰে’ আৰম্ভ কৰা হয় হীৰক জয়ন্তী উৎসৱৰ৷ ইয়াৰ পিচতে মহাবিদ্যালয় খনত পতাকা উত্তোলন কৰে অধ্যক্ষ ড° বেদকুমাৰ চলিহাই আৰু হীৰক জয়ন্তী উপলক্ষে ৬০খন পতাকা উত্তোলন কৰে ৰহাৰ বিশিষ্ট ব্যক্তি সকলে৷ ইয়াৰ পিচতে বন্তি প্ৰজ্বলন, স্মৃতি তথা শ্বহীদ তৰ্পন আদি অনুষ্ঠিত হয়৷ ইয়াৰ পিচতে হীৰক জয়ন্তী উপলক্ষে ৰহাৰ বিধায়ক শশীকান্ত দাসে বিধায়ক পূঁজিৰ পৰা আগবঢ়োৱা ২০লাখ টকাৰ হীৰক জয়ন্তী ভৱনৰ আধাৰ শিলা স্থাপন কৰে বিধায়ক শশীকান্ত দাসে৷ হীৰক জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ, সম্বৰ্ধনা সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হয়৷ শনিবাৰে পুৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আদি অনুষ্ঠিত হ’ব৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা