
ডিব্ৰুগড়, ২১ নৱেম্বৰ (হি.স.)। কালি নিশা চাবুৱাৰ হাতী গাধৈত সংঘটিত এক বৃহত অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত নিমিষতে জাহ গল এটা বাসগৃহ। বাসগৃহটোৰ গৰাকী কৈলাশ গগৈ নামৰ ব্যক্তি গৰাকীৰ কোনো সদস্য় উপস্থিত নথকা অৱস্থাত জুইত জাহ যায় বাসগৃহটো। কালি নিশা ১১.৩০ বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।
অগ্নিকাণ্ডটোৰ ফলত লক্ষাধিক পৰিমাণৰ সা-সম্পতিৰ ক্ষতিসাধন হয়। নিশা স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডটোৰ ফলত ইতিমধ্য়ে অগ্নিত জাহ যাই একাধিক সামগ্ৰী। ঘটনাটো কেনেকৈ সংঘটিত হ'ল, বৰ্তমানলৈকে জানিব পৰা নাই। বৰ্তমান শুকান বতৰৰ বাবে জুইৰ সামান্য় স্ফুলিংগই ভীষণ অগ্নিকাণ্ডৰ সৃষ্টি কৰিব পাৰে বুলি অনুমান কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ