
-এই বছৰ মুঠ মৃত্যুৰ সংখ্যা ৩৫৩ জনলৈ বৃদ্ধি
ঢাকা, ২১ নৱেম্বৰ (হি.স.)। বাংলাদেশত ডেংগু গুৰুতৰ স্বাস্থ্যজনিত সমস্যা হিচাপে আত্মপ্ৰকাশ কৰিছে। দেশৰ ঘন জনসংখ্যা আৰু মহৰ প্ৰজননৰ বাবে অনুকূল জলবায়ুৱে এক ভয়াৱহ চিন্তাৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱা ৮ বজাৰ আগৰ ২৪ ঘণ্টাত কমেও চাৰিজন ডেংগু ৰোগীৰ মৃত্যু হয় আৰু মুঠ মৃত্যুৰ সংখ্যা ৭৪৫ জনলৈ বৃদ্ধি পায়।
দ্য ডেইলী ষ্টাৰ কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি স্বাস্থ্য বিভাগৰ সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ঢাকা চাউথ চিটি কৰ্পৰেশ্যন এলেকাৰ দুজন, চট্টগ্ৰামৰ এজন আৰু মাইমেনছিং সংমণ্ডলৰ এজন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে এই বছৰ ডেংগুৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৫৩ জনলৈ বৃদ্ধি পালে। মুঠ ৮৮,৪৫৭ জন লোকে ডেংগুৰ চিকিৎসাৰ বাবে উপস্থিত হৈছিল। বৰ্তমান দেশৰ বিভিন্ন চিকিৎসালয়ত ২,৮৩৮ জন ডেংগু ৰোগী চিকিৎসাধীন হৈ আছে।
শ্বহীদ চুহৰাৱাৰ্ডি মেডিকেল কলেজ হাস্পতালৰ সহযোগী অধ্যাপক এইচ এম নাজমুল আহছানে কয় যে বহু ৰোগী অতি সংকটজনক অৱস্থাত চিকিৎসালয়খনত উপস্থিত হয়। তেতিয়ালৈকে সিহঁতক বচাবলৈ বহু দেৰি হৈ গৈছে। বিশেষজ্ঞ মুষ্টুক হুছেইনে ডেংগুৰ মৃত্যু হ্ৰাস কৰিবলৈ বিকেন্দ্ৰীকৃত স্বাস্থ্যসেৱা অতি প্ৰয়োজনীয় বুলিও গুৰুত্ব আৰোপ কৰে। ৰাজহুৱা শিক্ষা, শক্তিশালী মহ নিয়ন্ত্ৰণ কাৰ্যসূচী, আৰু উন্নত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিকে ধৰি সক্ৰিয় ব্যৱস্থাসমূহ ফলপ্ৰসূ গোচৰ ব্যৱস্থাপনা আৰু চিকিৎসাৰ বাবে অতি প্ৰয়োজনীয়।
हिन्दुस्थान समाचार / অৰৱিন্দ