বিলাসীপাৰাৰ ৰাসথলীৰ তৰ্ক প্ৰতিযোগিতাত উজলিল কোৱান্টাম পাব্লিক স্কুল
ধুবুৰী, ২১ নৱেম্বৰ (হি.স.)। আজি বিলাসীপাৰাৰ ৰাসথলীৰ তৰ্ক প্ৰতিযোগিতাত উজলিল কোৱান্টাম পাব্লিক স্কুল।তিনিটাৰ দুটা বটাঁই আজুৰি আনিলে কোৱান্টাম স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে। আৱতৰীয়া উৎসৱ পালন কৰিলে স্কুলখনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে।উল্লেখ্য যে
বিলাসীপাৰাৰ ৰাসথলীৰ তৰ্ক প্ৰতিযোগিতাত উজলিল কোৱান্টাম পাব্লিক স্কুল


ধুবুৰী, ২১ নৱেম্বৰ (হি.স.)। আজি বিলাসীপাৰাৰ ৰাসথলীৰ তৰ্ক প্ৰতিযোগিতাত উজলিল কোৱান্টাম পাব্লিক স্কুল।তিনিটাৰ দুটা বটাঁই আজুৰি আনিলে কোৱান্টাম স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে। আৱতৰীয়া উৎসৱ পালন কৰিলে স্কুলখনৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে।উল্লেখ্য যে বিলাসীপাৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনোজ ফুকনৰ নেতৃত্বত ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস মহোৎসৱত ‘‘কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীলতা বাধাগ্ৰস্ত কৰিব’’ শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্টিত হয়।অঞ্চলটোৰ আগশাৰীৰ দহটাকৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে।

প্ৰতিযোগিতখনত বিষয়বস্তুৰ বিপক্ষে যুক্তি দৰ্শাই স্কুলখনৰ ছাত্ৰী আয়শা ছিদ্দিকাই প্ৰথম স্থান আৰু সপক্ষে যুক্তি দৰ্শাই সুৰোজ কৰ্মকাৰে তৃতীয় স্থান দখল কৰে।তেনেদৰে কে,এম,লিটল ফ্লাৱাৰ স্কুলৰ দেবাদীপ দাসে দ্বিতীয় স্থান লাভ কৰে।কোৱান্টাম স্কুলে দুটাকৈ পুৰস্কাৰ লাভ কৰাত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক -শিক্ষয়ত্ৰীসকল উৎফুল্লিতহৈ পৰে।পুৰস্কাৰ দুটা লৈ ৰাসথলীৰ পৰা পোনে পোনে বিদ্যালয় প্ৰাংগণত আহি ফোটকা ফুটাই আনন্দত মতলীয়া হৈ পৰে।স্কুলখনৰ সফলতাত অভিভাবক সকলেও সন্তুষ্টি প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande