
শোণিতপুৰ, ২১ নৱেম্বৰ (হি.স.)। শোণিতপুৰ জিলাৰ তেজপুৰ পদুমপুখুৰী আৰু বৰপুখুৰীৰ মাজত বহুসংখ্যক কাউৰীৰ মৃত্যুমুখত পৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
হঠাৎ কাউৰী সমূহৰ এনেদৰে অস্বাভাৱিক মৃত্যু হোৱাৰ কাৰণ জানিৱ পৰা হোৱা নাই ৷ সৰ্পবন্ধু সৌৰভ বৰকটকী আহি এই মৃত কাউৰী সমূহ বনবিভাগৰ হাতত চমজাই দি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা হ’ব কাউৰীসমূহৰ এই অস্বাভাৱিক মৃত্যুৰ মূল কাৰণ ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা