
গোৱালপাৰা, ২১ নৱেম্বৰ (হি.স.)। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ দামৰিভাষা ব্ৰিজ তিনি আলিত প্ৰতি শুকুৰবাৰে অনুষ্ঠিত হোৱা গৰু বজাৰৰ পৰা মেঘালয় লৈ গৰু সৰবৰাহৰ বৃহৎ চক্ৰ সক্ৰিয় হৈ উঠিছে। ধুবুৰী জিলাৰ বিভিন্ন চৰাঞ্চলৰ পৰা যন্ত্ৰ চালিত নাওৰে গৰুবোৰ নদী পথেৰে জলেশ্বৰলৈ অনা হয়।
পিছত সৰবৰাহকাৰী সকলে শ্ৰমিক আৰু বাহন'ৰ সহায়ত জলেশ্বৰ ঘাটপাৰৰ পৰা গৌৰনগৰৰ দামৰিভাষা ব্ৰিজ তিনিআলি গৰু বজাৰ লৈ যায় । তাৰপিছত দামৰিভাষা গো বজাৰৰ পৰা কৌশলৰে গৰুবোৰ চাটামাৰী আৰু পামেৰৱালা হৈ মেঘালয়লৈ সৰবৰাহ কৰে। গো সুৰক্ষা আইন সম্পূৰ্ণভাৱে অমান্য কৰি একাংশ অসাধু ব্যৱসায়ী আৰু সৰবৰাহকাৰীয়ে এই ধৰণে অবৈধ কাৰবাৰ চলাই থকাৰ অভিযোগ উঠিছে সচেতন মহলত । ইফালে দীৰ্ঘদিন ধৰি চৰকাৰী কৰ ফাঁকি দি সম্পূৰ্ণ অবৈধভাৱে বজাৰখন চলাই থকাৰ অভিযোগো উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ