চিৰাঙত কাইলৈৰ পৰাই বিএলঅ সকলে ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ পূনৰীক্ষণ কৰিব
চিৰাং, ২১ নৱেম্বৰ (হি.স.)। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ লৈ চিৰাং জিলা আয়ুক্ত যতীন বৰাৰ সংবাদমেল । নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আগন্তক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই কাইলৈৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পূনৰীক্ষণৰ কাম আৰম্ভ হব বুলি আয়ুক্ত গৰাকীয়ে সদৰি
চিৰাঙত কাইলৈৰ পৰাই বিএলঅ সকলে ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ পূনৰীক্ষণ কৰিব


চিৰাং, ২১ নৱেম্বৰ (হি.স.)। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ লৈ চিৰাং জিলা আয়ুক্ত যতীন বৰাৰ সংবাদমেল । নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি আগন্তক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই কাইলৈৰ পৰা ভোটাৰ তালিকাৰ বিশেষ পূনৰীক্ষণৰ কাম আৰম্ভ হব বুলি আয়ুক্ত গৰাকীয়ে সদৰি কৰে ।

কাইলৈৰ পৰাই বিএলঅ সকলে ঘৰে ঘৰে গৈ ভোটাৰ সকলৰ পূনৰীক্ষণ কৰিব । এই পুনৰীক্ষণত ১৮ বছৰ হোৱা প্ৰতিজন লোকৰ নাম ভোটাৰ তালিকাত সংযোজন আৰু অইন ঠাইলৈ গুচি যোৱা বা মৃত্যু হলে নাম কৰ্তন কৰা হব । এই সমূহ কাম সমূহ কৰিবলৈ জিলা নিৰ্বাচন আয়োগে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।

আজিৰ তাৰিখলৈ চিৰাং জিলাৰ চিদলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৪০৬৮০৭ জন । ইয়াৰে ১৯ নং চিদলী-চিৰাং বিধানসভা সমষ্টিত ২২১১৭১ গৰাকী আৰু ২০ নং বিজনী বিধানসভা সমষ্টিত ১৮৫৬৩৬ গৰাকী ।

ইতিমধ্যে প্ৰথম পৰ্যায়ৰ বিএল অ প্ৰশিক্ষণ হৈছে দুই এদিনতে দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ হব। প্ৰতিটো ঘৰত তিনিবাৰকৈ যাব লাগিব বিএলঅ সকল । আবেদন ২২ নভেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব। ২৭ ডিচেম্বৰ খচৰা তালিকা প্ৰকাশ কৰা হব । চুড়ান্ত ভোটাৰ তালিকা ১০ ফেব্ৰুৱাৰী প্ৰকাশ পাব । কোনো এজন ভোটাৰৰ নাম বাদ পৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

আজিৰ সংবাদ মেলত বিজনী মহকুমাধিপতি অৰিজিত মহাজন, অতিৰিক্ত আয়ুক্ত সকল আৰু নিৰ্বাচনী বিষয়া সকলো উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande