
শ্ৰী ভূমি, ২১ নৱেম্বৰ (হি.স.)। পাথাৰকান্দি সমষ্টিত পুনৰ মাছৰ কাৰ্টনত জব্দ গাঞ্জা । এইবাৰ স্থান অসম ত্ৰিপুৰা সীমান্তৰ চুৰাইবাড়ি। আৰক্ষীৰ সক্ৰিয়তাৰ সমান্তৰালকৈ অবৈধ সৰবৰাহৰ ধৰণ সলনি কৰিছে সৰবৰাহৰকাৰীয়ে। কিন্তু আৰক্ষীৰ চকুত ধূলি দিয়াটো যে অসম্ভৱ—সেই কথা প্ৰমাণ কৰি দেখুৱাই নিচাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে অসম আৰক্ষীয়ে।
এইবাৰ চুৰাইবাড়ি অসম আৰক্ষীৰ অভিযানে বিপুল পৰিমাণৰ শুকান গাঁঞ্জা জব্দ কৰিছে। আগৰতলাৰ পৰা অসম প্ৰৱেশৰ মুহূর্ততেই আৰক্ষীৰ নিয়মীয়া তলাচীত টি আৰ ০৮ ই ১৫৩১ নম্বৰৰ এখন মহিন্দ্ৰা বীৰ' গাড়ীত থকা মাছৰ কাৰ্টুনৰ ভিতৰত লুকাই থোৱা অৱস্থাত ২২৮ পেকেটত মুঠ ২৫৮ কিলোগ্ৰাম শুকান গাঞ্জা উদ্ধাৰ হয়। আৰক্ষীক দেখিয়েই গাড়ী এৰি পলায়ন কৰে চালকে।
জনা গৈছে, অভিযানত জব্দ কৰা গাঞ্জাখিনিৰ মূল্য দুই কোটি টকাতকৈও অধিক। উল্লেখযোগ্য যে, যোৱা এটা সপ্তাহতেই পাথাৰকান্দি, ৰাতাবাড়ি আৰু বাজাৰীছড়াত আৰক্ষীৰ অভিযানত প্ৰায় সাত কোটি টকাৰ শুকান গাঞ্জা জব্দ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা