ভাৰতৰত্ন চি ভি ৰমনে জাগ্ৰত কৰিলে ভাৰতৰ বৈজ্ঞানিক চেতনাঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ২১ নৱেম্বৰ (হি স)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন ড° চি ভি ৰমনৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ৰমনে ভাৰতৰ বৈজ্ঞানিক চেতনাক এক নতুন দিশ দিয়াৰ লগতে পোহৰৰ ৰহস্যসমূহ বুজিবলৈ বিশ্ববাসীৰ আগত এক অনন্য অৱ
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


গুৱাহাটী, ২১ নৱেম্বৰ (হি স)। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰত্ন ড° চি ভি ৰমনৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে ৰমনে ভাৰতৰ বৈজ্ঞানিক চেতনাক এক নতুন দিশ দিয়াৰ লগতে পোহৰৰ ৰহস্যসমূহ বুজিবলৈ বিশ্ববাসীৰ আগত এক অনন্য অৱদান আগবঢ়াইছে।

ছ’চিয়েল মিডিয়াৰ বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ড০ ৰমনৰ প্ৰতিভা আৰু গৱেষণাই দেশৰ গৌৰৱময় বৈজ্ঞানিক পৰম্পৰাক শক্তিশালী কৰাই নহয়, নতুন প্ৰজন্মক অহৰহ কৌতুহলী হৈ থাকিবলৈ, অন্বেষণ কৰিবলৈ আৰু উদ্ভাৱনৰ প্ৰতি অনুপ্ৰাণিত কৰে।

তেওঁ কয় যে ড° ৰমনৰ জীৱন ভাৰতৰ জ্ঞান পৰম্পৰা আৰু বৈজ্ঞানিক উৎকৰ্ষতাৰ চিৰন্তন প্ৰতীক, যিয়ে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande