
হোজাই, ২১ নৱেম্বৰ (হি.স.)। লংকাৰ মাজ মজিয়াত থকা পিয়লী ফুকন মাৰ্কেটত কালি নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয় ।দোকানৰ ওপৰত থকা টিঙ কাটি চোৰে দুখনকৈ দোকানত সংঘটিত কৰে চুৰিকাণ্ড ।এখন কাপোৰৰ দোকান আৰু এখন গেলামালৰ দোকানত সংঘটিত হয় উক্ত চুৰিকাণ্ড ।গেলামালৰ দোকানৰ পৰা ২,৫০,০০০ লাখ টকা লুটি নিয়াৰ বিপৰীতে কাপোৰৰ দোকানৰ পৰা লুটি নিয়ে ৩ হেজাৰকৈ টকা ।
লংকা আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ মান নিলগতে থকা ৰাকেশ কুমাৰ আগৰৱালা ওৰফে গুদুৰ আৰু বাবুলাল প্ৰজাপতিৰ দোকানত উক্ত চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয় ।বিগত কিছু দিনৰ পৰা অঞ্চলটোত সঘনে চুৰিকাণ্ড সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিপ্তত ৰাইজে কিছু উদ্বিগ্নতা প্ৰকাশ কৰিছে।আৰক্ষীৰ চোকা পহৰাৰ দাবি জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ