
হাইলাকান্দি ২১ নৱেম্বৰ (হি.স.)। হাইলাকান্দিত সোন চুৰিৰ সৈতে জড়িত এজন চোৰ আৰু এজন সোনাৰীক আটক। বিগত কেইবাদিন পুৰ্বে চহৰৰ দুটা ঘৰত চুৰি কাণ্ড সংঘটিত হৈছিল আৰু ঘৰটোৰ পৰা চোৰে লুটি নিছিল বিপুল পৰিমানৰ সোনৰ অলংকাৰ আৰ অন্যান্য সামগ্ৰী। পিছত হাইলাকান্দি সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল ঘৰৰ গৰাকী। এই গোচৰৰ ভিত্তিত আৰু আৰক্ষীয়ে তদন্ত কৰি যোৱাকালি নিশা সোন চুৰিৰ সৈতে জড়িত থকা এজন চোৰ আৰু চুৰি সোণ ক্ৰয় কৰা দোকানৰ গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব সক্ষম হৈছে। হাইলাকান্দি সদৰ আৰক্ষী চকীৰ গোচৰ নং ১৬১/২৫ আৰু ১৬৪/২৫ গোচৰৰ ভিত্তিত কলেজ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এচ আই শংকৰ নাথে অভিযান চলাই সোন চোৰ ৰিজু মিয়া বৰভুইয়া আৰু সোন ক্ৰয় কৰা দোকানৰ গৰাকী দিলদাৰ সুনাৰক গ্ৰেপ্তাৰ কৰিছে হাইলাকান্দি আৰক্ষীয়ে। চুৰি হোৱা সোন ক্ৰয় কৰা দোকানৰ গৰাকীৰ ঘৰ হৈছে বৰপেটা জিলাৰ সৰভোগত।বৰ্তমানে চুৰ আৰু চুৰিৰ সোন ক্ৰয় কৰা দুয়ো যুবকক আদালতলৈ প্ৰেৰণ কৰি দুই দিনৰ আৰক্ষী জিম্মাত লৈছে এচ আই শংকৰ নাথে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ