
ইছলামাবাদ, ২১ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ ডেৰা ইছমাইল খান জিলাত বৃহস্পতিবাৰে এখন আৰক্ষীৰ ভ্যানত বোমা বিস্ফোৰণ ঘটে। এই আক্ৰমণত দুজন আৰক্ষী নিহত হোৱাৰ বিপৰীতে চাৰিজন আহত হয়। জিলা আৰক্ষী অধীক্ষক সাজ্জাদ আহমদ চাহিবজাদাই এই কথা নিশ্চিত কৰিছে।
ড’ন কাকতত প্ৰকাশিত এক খবৰ অনুসৰি জিলা আৰক্ষী অধীক্ষক সজ্জাদ আহমদ চাহিবজাদাই কয় যে আৰক্ষীৰ ভ্যানখন টাকোৱাৰা চেক প’ষ্টৰ। ভেনখনত থকা আৰক্ষী জোৱানসকলে হাটলা-গিলোটি পথত টহল দি থকা অৱস্থাত হঠাৎ এটা বোমা বিস্ফোৰণ ঘটে। এই আক্ৰমণত চালক ৰমজান আৰু কনিষ্টবল চাইফুৰ ৰেহমান নিহত হয়। আহত হাবিলদাৰ শ্বাহিদ, কনিষ্টবল মেহবুব আলম, আছিফ, আৰু কিফায়াত।
ডেৰা ইছমাইল খানৰ দাৰাবান তহচিলত বোমা বিস্ফোৰণৰ ঠিক এসপ্তাহৰ পাছত এই ঘটনা সংঘটিত হৈছে। দৰবন তহচিলত নিৰাপত্তাৰক্ষীৰ এখন বাহন লক্ষ্য কৰি বোমা বিস্ফোৰণত ১৪ জন নিৰাপত্তাৰক্ষী আহত হয়। এই সপ্তাহত ডেৰা ইছমাইল খানত নিহত হৈছে এজন উগ্ৰপন্থী। সপ্তাহৰ শেষৰ ফালে জিলাখনৰ কুলাচী অঞ্চলত দহজন উগ্ৰপন্থী নিহত হয়। ১৫ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ চলি থকা এই সন্ত্ৰাসবাদ বিৰোধী অভিযানত প্ৰদেশখনৰ ৪৫ জন উগ্ৰপন্থীৰ প্ৰাণহানি হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ