
নলবাৰী, ২১ নৱেম্বৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু সংগীত শিল্পী জুবিন গাৰ্গে মৃগী ৰোগত ভূগিছিল বুলি ব্যাপক চৰ্চা হোৱাৰ সময়তে আজি মৃগী ৰোগৰ চিকিতসাৰ সজাগতা সম্পৰ্কত অনুস্থিত কৰা হল সংবাদ মেল। নলবাৰীত জি এন আৰ চি হস্পিতাল কৰ্তৃপক্ষৰ পৰা অনুস্থিত কৰা হল সংবাদমেল। মৃগী ৰোগৰ চিকিতসাৰ বাবে সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে হস্পিতাল কৰ্তৃপক্ষই নলবাৰী প্ৰেছ ক্লাবত সম্বোধন কৰে এখন সংবাদমেল।
সংবাদমেল খন সম্বোধন কৰে চিকিতসালয় খনৰ চিকিৎসক ডাঃ আলফবিদ শ্বাহিদ আলী আৰু ডাঃ সুমিতা কলিতাই। সজাগতা প্ৰচাৰৰ উদ্দেশ্যে এটা কাৰ ৰেলীৰো শুভাৰম্ভ কৰা হয়। একেদৰে উক্ত ৰোগৰ চিকিৎসা আছে বুলিও মন্তব্য প্ৰকাশ কৰে সংবাদ মেলত। উপযুক্ত চিকিতসা লাভ কৰিলে মৃগী ৰোগত আক্ৰান্ত ৰোগী আৰোগ্য লাভ কৰিব বুলি চিকিতসক গৰাকী সংবাদমেলত ঘোষণা কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা