
ওডালগুৰি, ২১ নৱেম্বৰ (হি.স.)। ওডালগুৰিত 'মা অনুষ্ঠান' শিৰ্ষক সজাগতা সভা। ওডালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত ওডালগুৰি জিলা প্ৰশাসন আৰু ওডালগুৰি মহাবিদ্যালয়ৰ সৌজন্যত ৩৫ তম বৰ্ষপূৰ্তি ২৬৫ সংখ্যক 'মা' অনুষ্ঠান শিৰ্ষক সজাগতা সভা। লগতে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
'মা' হীন ঘৰ নহওঁক ঘৰ হীন 'মা' নহওঁক এই মুল মন্ত্ৰৰে লক্ষীমপুৰৰ গোবিন্দ বৰদলৈৰ একক প্ৰচেষ্টাৰে 'মা অনুষ্ঠানৰ দ্বাৰাই সমাজত মাতৃ সকলৰ প্ৰতি থকা অবহেলা দুৰ কৰাৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে।
উক্ত কাৰ্যসূচীত ওডালগুৰি অঞ্চলৰ কেইবাটাও মহিলা দলে নাম,থিয় নাম পৰিৱেশন কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা