এন চি চিৰ অনুষ্ঠানত যুৱতীসকলৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ অংগুৰলতা ডেকাৰ
গুৱাহাটী, ২১ নৱেম্বৰ (হি.স.)। অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ অংগুৰলতা ডেকাই শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এন চি চিৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে আৰু কেডেটসকলৰ সৈতে এই বিশেষ দিৱস উদযাপন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ গৌৰৱ
असम राज्य महिला आयोग की अध्यक्ष अंगूरलता डेका शुक्रवार को काटन विश्वविद्यालय में आयोजित एनसीसी  के 77वें स्थापना दिवस समारोह में भाग लेते हुए।


গুৱাহাটী, ২১ নৱেম্বৰ (হি.স.)। অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ অংগুৰলতা ডেকাই শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এন চি চিৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে আৰু কেডেটসকলৰ সৈতে এই বিশেষ দিৱস উদযাপন কৰে।

অনুষ্ঠানত ভাষণ দি তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এন চি চিয়ে কেৱল যুৱককে নহয়, যুৱতীসকলকো সাহসী আৰু শক্তিশালী নাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। এন চি চিৰ এই প্ৰচেষ্টাই মহিলাৰ নেতৃত্বৰ দক্ষতা, দায়িত্ব লোৱাৰ আত্মবিশ্বাস, আৰু সৱলীকৰণৰ ভাৱ অহৰহ বৃদ্ধি কৰি আছে বুলিও কয়।

আংগুৰলতা ডেকাই গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ অজিত কুমাৰ বৰা, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্ৰ ডেকা, এন চি চিৰ জ্যেষ্ঠ বিষয়া, বিশিষ্ট অতিথি আৰু অসমৰ সকলো কেডেটলৈ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande