
চৰাইদেউ, ২০ নৱেম্বৰ (হি.স)। চৰাইদেউত আৰম্ভ হৈছে ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫’। বিশ্ব ঐতিহ্য সপ্তাহ হিচাপে বিশেষ হৈ পৰিছে ঐতিহাসিক চৰাইদেউ। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তৰ্গত অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত স্বৰ্গদেউ সকলৰ স্মৃতি তৰ্পণ সমিতি, চৰাইদেউৰ সহযোগত ১৯ তাৰিখৰ পৰা ২৫ নৱেম্বৰলৈ ঐতিহাসিক চৰাইদেউত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫ অনুষ্ঠিত কৰা হৈছে।
উল্লেখ্য যে ২০২৪ চনৰ ২৬ জুলাই তাৰিখে ইতিহাস প্ৰসিদ্ধ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছিল। স্বীকৃতি লাভ কৰা দিনটোৰ পৰা বৰ্তমান সময়লৈকে ঐতিহাসিক চৰাইদেউত বহু পৰিৱৰ্তনৰ সাক্ষী হৈছে। ৬০০ বছৰীয়া আহোম শাসনৰ ইতিহাসৰ সৈতে বিশেষভাৱে জড়িত হৈ থকা চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি লাভ কৰা পাছতে পূৰ্বৰ তুলনাত বৰ্তমান অধিক পৰ্যটকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। প্ৰতিবছৰৰ দৰে এইবছৰো বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু পৰ্যটকে আহি ভিৰ কৰিছেহি বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামত।
বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰা এবছৰ হৈ যোৱা সময়খিনিত বিভিন্ন অনুষ্ঠান চৰাইদেউ মৈদাম স্থলীত অনুষ্ঠিত কৰা দেখা গৈছে। সমান্তৰালভাৱে আৰম্ভ হৈছে ‘বিশ্ব ঐতিহ্য সপ্তাহ ২০২৫’।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া