শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ পথ প্ৰশস্ত
- অসমবাসীয়ে নিজৰ চকুৰে চাব পাৰিব এই ঐতিহাসিক সম্পদ গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। শংকৰদেৱৰ অমূল্য সৃষ্টি ''বৃন্দাবনী বস্ত্ৰ'' ২০২৭ চনত অসমলৈ অনা হব। অসমবাসীয়ে নিজৰ চকুৰে চাব পাৰিব এই ঐতিহাসিক সম্পদ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ চৰকাৰৰ পদক্
বৃন্দাবনী বস্ত্ৰ


- অসমবাসীয়ে নিজৰ চকুৰে চাব পাৰিব এই ঐতিহাসিক সম্পদ

গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। শংকৰদেৱৰ অমূল্য সৃষ্টি 'বৃন্দাবনী বস্ত্ৰ' ২০২৭ চনত অসমলৈ অনা হব। অসমবাসীয়ে নিজৰ চকুৰে চাব পাৰিব এই ঐতিহাসিক সম্পদ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ চৰকাৰৰ পদক্ষেপে অসমীয়াৰ ঐতিহ্য পুনৰুদ্ধাৰৰ দিশত নতুন আশাৰ সঞ্চাৰ কৰিছে।

বর্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে ৰাজনৈতিক সদিচ্ছা, সাংস্কৃতিক দায়িত্ববোধ আৰু পৰিচালনাগত ক্ষমতাৰ এক যোগসূত্র গঠন কৰি বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। যোৱা ১৭ নৱেম্বৰত ব্রিটিছ মিউজিয়ামৰ সৈতে চুক্তিসদৃশ ‘লেটাৰ অৱ ইণ্টেণ্ট’ স্বাক্ষৰ হোৱাই অসমলৈ বৃন্দাবনী বস্ত্ৰৰ আগমন নিশ্চিত কৰিছে। ২০২৭ চনত অসমবাসীয়ে নিজৰ চকুৰে এই ঐতিহাসিক সম্পদ দেখিবলৈ পাব - ই এক দৃষ্টান্তমূলক পদক্ষেপ। পূৰ্বৰ চৰকাৰৰ অৱহেলাৰ বিপৰীতে বর্তমান চৰকাৰে দৃঢ়তা, সঠিক ব্যৱস্থাপনা আৰু অসমীয়াৰ ঐতিহ্য প্ৰতিষ্ঠাৰ হেঁপাহক বাস্তৱ ৰূপ দেখুৱাইছে।

উল্লেখ্য যে শংকৰদেৱৰ অমূল্য সৃষ্টি 'বৃন্দাবনী বস্ত্ৰ' অসমীয়াৰ ধৰ্মীয়-সাংস্কৃতিক ঐতিহ্যই নহয়, ই সমগ্ৰ দক্ষিণ-পূৰ্ব এছিয়াৰ সংস্কৃতি চিন্তাৰ এক যুগান্তকাৰী নিদৰ্শন। বৃন্দাবনী বস্ত্ৰ হৈছে ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ লীলাসমূহৰ চিত্ৰ বৰ্ণনাৰে অসমীয়া শিপিনীয়ে বৈ উলিওৱা এখন অমূল্য বস্ত্ৰ। বৰপেটাৰ তাঁতীকুছিৰ শিপিনীসকলৰ দ্বাৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত, গোপাল আতাৰ নেতৃত্বত বৈ উলিওৱা এই বৃন্দাবনী বস্ত্ৰ ১৯০৪ চনৰ পৰা লণ্ডনস্থিত ভিক্টোৰিয়া আৰু এলবাৰ্ট সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande