২০ নৱেম্বৰলৈকে বৃদ্ধি ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰা‘অন্ন সেৱা দিন’
গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। খাদ্য সুৰক্ষাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে সুখবৰ। এই কাৰ্ডৰ অধীনত অন্ন সেৱা হিচাপে লাভ কৰা সামগ্ৰী সংগ্ৰহৰ দিনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। সেই অনুসৰি ২০ নৱেম্বৰলৈকে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব প
২০ নৱেম্বৰলৈকে বৃদ্ধি ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰা‘অন্ন সেৱা দিন’


গুৱাহাটী, ২০ নৱেম্বৰ (হি.স.)। খাদ্য সুৰক্ষাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে সুখবৰ। এই কাৰ্ডৰ অধীনত অন্ন সেৱা হিচাপে লাভ কৰা সামগ্ৰী সংগ্ৰহৰ দিনৰ সময়সীমা বৃদ্ধি কৰা হৈছে। সেই অনুসৰি ২০ নৱেম্বৰলৈকে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব পাৰিব হিতাধিকাৰীসকলে।

উল্লেখ্য যে অসমৰ আর্থিকভাৱে অনগ্রসৰসকলৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল ‘অন্ন সেৱা দিন’ৰ দৰে দেশৰ ভিতৰতে অনন্য পদক্ষেপ। যাৰ অধীনত মাহৰ প্রথম দহটা দিনতে বিনামূলীয়া চাউল বিতৰণ কৰা হয়। এইবেলি চৰকাৰে ইয়াৰ লগতে সংযোজন কৰিছে ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি, নিমখ প্রদান ব্যৱস্থা। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা এই আঁচনিৰ আজিৰ দিনটোলৈকে ৮৮.২৯% মচুৰ দাইল, ৮৮.১৮% চেনি আৰু ৮৮.৪০% নিমখ হিতাধিকাৰীসকলক বিতৰণ কৰা হয়।

ইফালে প্ৰতিগৰাকী হিতাধিকাৰীয়ে যাতে তেওঁলোকৰ প্ৰাপ্য সামগ্ৰী লাভ কৰিব পাৰে, তাৰ বাবে বিতৰণৰ সময়সীমা ২০ নৱেম্বৰলৈকে বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছে। প্ৰতিজন ৰেচন কাৰ্ডধাৰকে এই সময়সীমাৰ ভিতৰত ৰাজসাহায্যযুক্ত এই মচুৰ দাইল, চেনি আৰু নিমখ লাভ কৰিব পাৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande