জাপানত পুনৰ আৰম্ভ হ’ব বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰটো
টকিঅ’, ২০ নৱেম্বৰ (হি.স.)। জাপানৰ বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰ টাকাহামা পাৰমাণৱিক শক্তি কেন্দ্ৰ অতি সোনকালে কাৰ্যক্ষম হ’ব। ফুকুই প্ৰিফেকচাৰত অৱস্থিত এইখন বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰ যাৰ মুঠ ক্ষমতা ৮,২১২ মেগাৱাট যদিও ২০১১ চনত
'ताकाहामा परमाणु ऊर्जा संयत्र


টকিঅ’, ২০ নৱেম্বৰ (হি.স.)। জাপানৰ বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰ টাকাহামা পাৰমাণৱিক শক্তি কেন্দ্ৰ অতি সোনকালে কাৰ্যক্ষম হ’ব। ফুকুই প্ৰিফেকচাৰত অৱস্থিত এইখন বিশ্বৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰ যাৰ মুঠ ক্ষমতা ৮,২১২ মেগাৱাট যদিও ২০১১ চনত ফুকচিমা দুৰ্যোগৰ পিছত ইয়াক বন্ধ কৰি দিয়া হৈছিল।

বৃহস্পতিবাৰে প্ৰাদেশিক বিধানসভাত ফুকুই প্ৰিফেকচাৰৰ গৱৰ্ণৰ টাটছুজি ছুগিমোটোৱে এই কথা ঘোষণা কৰি কয় যে তেওঁ কানছাই ইলেক্ট্ৰিক পাৱাৰ কোম্পানীৰ প্লাণ্টৰ ইউনিট ১ আৰু ২ পুনৰ আৰম্ভ কৰাৰ বাবে চূড়ান্ত অনুমোদন দিব।

তেওঁ কয়, আমি সুৰক্ষাৰ মানদণ্ডসমূহ ভালদৰে পৰ্যালোচনা কৰিছো আৰু নতুন নিয়ন্ত্ৰণৰ মাপকাঠী পূৰণ কৰা হৈছে। মই অতি সোনকালে পুনৰ আৰম্ভ কৰাৰ অনুমোদন দিম। অহা কেইদিনমানৰ ভিতৰত আনুষ্ঠানিক সিদ্ধান্ত লোৱা হ’ব।

২০১১ চনৰ ফুকচিমা দুৰ্যোগৰ পিছত টাকাহামা প্লাণ্টৰ দুয়োটা ইউনিট বন্ধ হৈ পৰিছিল। সেই সময়ত ৯ মাত্ৰাৰ ভূমিকম্পৰ ফলত ১৫ মিটাৰ পৰ্যন্ত উচ্চতাৰ চুনামীয়ে ফুকচিমা পাৰমাণৱিক কেন্দ্ৰটো ডুবাই পেলায়। ইয়াৰ ছটা ৰিয়েক্টৰৰ ভিতৰত তিনিটাত বিস্ফোৰণৰ ফলত বায়ু আৰু সাগৰলৈ বিপুল পৰিমাণৰ তেজস্ক্রিয় পদাৰ্থ নিৰ্গত হৈছিল। যদিও প্ৰত্যক্ষ বিকিৰণৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাছিল, তথাপিও তেজস্ক্ৰীয় পদাৰ্থৰ সংস্পৰ্শলৈ অহাৰ বাবে হাজাৰ হাজাৰ লোকৰ থাইৰয়ড কেন্সাৰ আৰু অন্যান্য ৰোগত আক্ৰান্ত হৈছিল। আজিও ২০ কিলোমিটাৰ নিষিদ্ধ অঞ্চল ৰৈ গৈছে। দুৰ্যোগৰ পিছতে তেতিয়াৰ প্ৰধানমন্ত্ৰী নাওটো কানে দেশৰ ৫৪টা পাৰমাণৱিক ৰিয়েক্টৰৰ আটাইকেইটা বন্ধ কৰাৰ নিৰ্দেশ দিয়ে।

ফুকুই প্ৰিফেকচাৰৰ গৱৰ্ণৰ টাটছুজি ছুগিমোটোৱে কয় যে টাকাহামা প্লাণ্টৰ দুটা ৰিয়েক্টৰ ২০ বছৰৰ ওপৰৰ হ’লেও ইয়াক অতিৰিক্ত ২০ বছৰৰ বাবে কাম কৰি যাবলৈ অনুমোদন দিয়া হৈছে। দেশৰ পাৰমাণৱিক নিয়ন্ত্ৰণ কৰ্তৃপক্ষই যোৱা বছৰ তেওঁলোকৰ সুৰক্ষাৰ বাবে অনুমোদন জনাইছিল।

জাপান চৰকাৰে ২০৩০ চনৰ ভিতৰত পাৰমাণৱিক শক্তিৰ অংশ ২০-২২% লৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে।বৰ্তমান দেশত মাত্ৰ ১২টা ৰিয়েক্টৰহে কাৰ্যক্ষম হৈ আছে। টাকাহামা ৰিয়েক্টৰ দুটা কাৰ্যক্ষম হ’লে এই সংখ্যা ১৪ লৈ বৃদ্ধি পাব।

যদিও স্থানীয় মাছমৰীয়া আৰু পৰিৱেশ সংস্থাসমূহে বিৰোধিতা প্ৰকাশ কৰিছে, প্ৰিফেকচাৰ চৰকাৰে সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ বুলি কয় আৰু জৰুৰীকালীন খালী কৰাৰ পৰিকল্পনা উন্নীত কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande