শৰীৰ চৰ্চাত বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন তেজপুৰৰ দুই সন্তানৰ মাতৃ ছায়া বৰুৱাৰ
–ইণ্ডোনেছিয়ানত অনুষ্ঠিত ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাক জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ উষ্ম অভিনন্দন জ্ঞাপন –এথলেটিকছ ফিজিক্সৰ ১৬৫ ছেন্টিমিটাৰ উৰ্ধ শাখাতো ৰূপৰ পদক অৰ্জন
শৰীৰ চৰ্চাত বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন তেজপুৰৰ দুই সন্তানৰ মাতৃ ছায়া বৰুৱাৰ


শৰীৰ চৰ্চাত বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন তেজপুৰৰ দুই সন্তানৰ মাতৃ ছায়া বৰুৱাৰ


–ইণ্ডোনেছিয়ানত অনুষ্ঠিত ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাক জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ উষ্ম অভিনন্দন জ্ঞাপন

–এথলেটিকছ ফিজিক্সৰ ১৬৫ ছেন্টিমিটাৰ উৰ্ধ শাখাতো ৰূপৰ পদক অৰ্জন ছায়া বৰুৱাৰ

শোণিতপুৰ, ২০ নৱেম্বৰ (হি.স.)। তেজপুৰ ,জিলা তথা ৰাজ্যবাসীকে নহয় ভাৰত বাসীক গৌৰৱান্বিত কৰি তেজপুৰৰ দুটি সন্তানৰ মহিলাই ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ এক খবৰে তেজপুৰ তথা জিলাবাসীক উৎফুল্ল কৰি তুলিছে । উল্লেখ্য তেজপুৰৰ ৰঙাপুখুৰীপাৰ নিবাসী ছায়া বৰুৱাই ইণ্ডিয়ান বডি বিল্ডিং ফেডাৰেছনৰ জৰিয়তে যোৱা ১১ নৱেম্বৰৰ পৰা ১৬ নবেম্বৰলৈ ইন্দোনেছিয়াত অনুষ্ঠিত ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ ফেডাৰেছনৰ উদ্যোগত অনুষ্ঠিত হোৱা বিশ্ব বডি বিল্ডিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল ।

উল্লেখ্য ছায়া বৰুৱাই এই প্ৰতিযোগিতাৰ এথলেটিকছ ফিজিক্সৰ ১৬৫ ছেন্টিমিটাৰ উৰ্ধৰ শাখাত ৰূপৰ পদক অৰ্জন কৰাৰ লগতে অপেন কেটেকৰিত সোণৰ পদক অৰ্জন কৰি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰে । সমগ্ৰ বিশ্বৰ ৪৬ খন দেশৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ অপেন শিতানত সমগ্ৰ বিশ্বৰ ৫০ গৰাকীকৈ অধিক প্ৰতিযোগীৰ মাজত সোণৰ পদকেৰে জিলিকি উঠা ছায়া বৰুৱাই হ'ল সমগ্ৰ ভাৰতৰ ভিতৰতে এই সন্মান অৰ্জন কৰা প্ৰথমগৰাকী মহিলা । যোৱাকালি নিশা বিশ্ব চেম্পিয়নশ্বিপ অৰ্জন কৰা ছায়া বৰুৱা নিজৰ তেজপুৰ ৰঙাপুখুৰীৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত আজি তেজপুৰৰ অসমীয়া ক্লাবত শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই তেওঁলোকৰ খেলুৱৈ গৰাকীক জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে ক'চ দীপাঞ্জন মিত্ৰৰ উপস্থিতিত উষ্ম অভিনন্দন জ্ঞাপন কৰে ।

জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি তথা আন্তঃৰাষ্ট্ৰীয় পাঞ্জা ৰেফাৰী পংকজ কুমাৰ বৰাই আঁত ধৰা অনুষ্ঠানটিত প্ৰথমেই জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এখন গামোচা আৰু ফুলৰ টোৰাৰে শোণিতপুৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি পংকজ কুমাৰ বৰা, উপসভাপতি বিবুধ ডেকা, শোণিতপুৰ জিলা ভাৰোত্তোলন সন্থাৰ উপ সভাপতি চিত্তদেৱ শৰ্মা, শোণিতপুৰ জিলা শক্তি উত্তোলন সন্হাৰ সভাপতি স্পন্দন কাশ্যপ, শোণিতপুৰ জিলা টাগ অফ ৱাৰ সন্হাৰ উপদেষ্টা উদয় কৃষ্ণ গোহাঞি বৰুৱা, শোণিতপুৰ জিলা যোগ ক্রীড়া সন্হাৰ সভাপতি নীলকান্ত শৰ্মা আৰু সম্পাদক নমিতা লহকৰৰ লগতে অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী আৰু উপদেষ্টা বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে গামোচা ,স্মাৰক আদিৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে । অনুষ্ঠানটিত শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে চমু ভাষণ প্ৰদান কৰি জিলাখনৰ পৰা এগৰাকী মহিলাই বিশ্ব জয় কৰি অহা সংবাদে জিলা প্ৰশাসনক উদ্বুদ্ধ কৰি তুলিছে বুলি মন্তব্য কৰি এই বিজয় অকল তেজপুৰ ,শোণিতপুৰ ,ৰাজ্যখনৰ বাবেই নহয় সমগ্ৰ ভাৰত বৰ্ষৰ বাবে গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে ।

আনহাতে খেলুৱৈ গৰাকীক অভিনন্দন জ্ঞাপন কৰাৰ পিছত সাংবাদিকৰ আগত তেওঁৰ সংগ্ৰাম পূৰ্ণ এই যাত্ৰাৰ সন্দৰ্ভত মন্তব্য কৰি বিশ্ব প্ৰতিযোগিতাত এদিন সফলতা লাভ কৰাৰ সপোন পুহি ৰাখিছিল যদিও স্বৰ্ণ পদক অৰ্জন কৰিব পাৰিম বুলি আশা কৰা নাছিল বুলি মন্তব্য কৰাৰ লগতে এই প্ৰাপ্তি জীৱনৰ চৰম প্ৰাপ্তি বুলি কয় ।আনহাতে বিশ্বজয় কৰি অহা ছায়া বৰুৱাই শৰীৰ চৰ্চাৰ ক্ষেত্ৰত প্ৰথম প্ৰেৰণা যোগোৱা শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি পংকজ কুমাৰ বৰাৰ লগতে জিলা শৰীৰ চৰ্চা সন্থাৰ সকলো বিষয়ববীয়া আৰু তেওঁৰ ক'চ তথা ৰাজ্যিক সোণৰ পদক প্ৰাপ্ত দীপাঞ্জন মিত্ৰক কৃতজ্ঞতা জ্ঞাপন কৰে ।

উল্লেখ্য যে ইয়াৰ আগেয়ে ছায়া বৰুৱাই শৰীৰ চৰ্চাত শোণিতপুৰ শ্ৰী ,অসম শ্ৰী পদকেৰে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চেম্পিয়নশ্বিপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande