
নগাও, ২০ নৱেম্বৰ (হি.স.)। কলিয়াবৰত সঘনে বন্যহস্তী আৰ মানুহৰ সংঘাট সংঘটিত হই বুলি গাওবাসী সংবাদ মাধ্য়মক অবগত কৰে। কলিয়াবৰৰ বামুণীত নিশা চাহ বাগিচাৰ নলাত সোমাই আবদ্ধ হয় এটা বনৰীয়া হাতীৰ পোৱালি। বনাঞ্চল সমূহত বন্যহস্তীৰ বাবে উপযুক্ত খাদ্য়ৰ অভাৱ ঘটাত বামুণীৰ মথৌখাত অঞ্চলত জাকৰ সৈতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাৰ অৱস্থাতে চাহ বাগিচাৰ নলাত সোমায় হাতী পোৱালিটো আবদ্ধ হৈ পৰে। ইয়াৰ পিছতে অঞ্চলটোত অৱস্থান গ্ৰহণ কৰে হাতীৰ জাকটোৱে।
তাৰ মাজতে জখলাবন্ধা খণ্ড বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে হাতী পোৱালিটো। এক্সকেভেটৰৰ সহায়ত নলাটো খান্দি পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ। অৱশেষত পুনৰ জাকৰ সৈতে লগ হৈ পৰে পোৱালিটো। ইয়াৰ পুৰ্বেও অঞ্চলটোত জাকৰ সৈতে অহা বন্যহস্তীৰ পোৱালী নলাত আবদ্ধ হৈ পৰিছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা