মাৰ্ঘেৰিটাত অচেতনপ্ৰায় অৱস্থাত উদ্ধাৰ অচিনাক্ত ব্য়ক্তি
তিনিচুকিয়া, ২০ নৱেম্বৰ (হি.স.)। মাৰ্ঘেৰিটাত অচেতনপ্ৰায় অৱস্থাত অচিনাক্ত ব্যক্তি প্ৰত্যক্ষ। লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ স্থানীয় লোকৰ। আজি পুৱাৰ ভাগত স্থানীয় লোকে চেগুনবাৰী স্থিত বাছ আস্থানত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে লোকজনক। অচিনাক্ত লোকজন কি
মাৰ্ঘেৰিটাত অচেতনপ্ৰায় অৱস্থাত উদ্ধাৰ অচিনাক্ত ব্য়ক্তি


তিনিচুকিয়া, ২০ নৱেম্বৰ (হি.স.)। মাৰ্ঘেৰিটাত অচেতনপ্ৰায় অৱস্থাত অচিনাক্ত ব্যক্তি প্ৰত্যক্ষ। লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ স্থানীয় লোকৰ। আজি পুৱাৰ ভাগত স্থানীয় লোকে চেগুনবাৰী স্থিত বাছ আস্থানত অচেতন অৱস্থাত প্ৰত্যক্ষ কৰে লোকজনক। অচিনাক্ত লোকজন কি পৰিস্থিতিত বা কেনেকৈ এই ঠাইলৈ আহিল বৰ্তমানলৈকে জানিব পৰা হোৱা হোৱা নাই। স্থানীয় লোকে অতি শীঘ্ৰে প্ৰশাসনক লোকজনক উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সন্দৰ্ভত তদন্ত কৰিবলৈ আহ্বান জনাইছে।লোকজন কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হব পাৰে বুলি সন্দেহ, অঞ্চলটোৰ আন একাশ ৰাইজে অৱশ্যে লোকজনক কোনো দূৰ্বিত্তৰ দলে খাদ্য়ৰ সৈতে কোনো নিচাযুক্ত দ্ৰব্য় মিহলী কৰি লোকজনক অচেতন কৰি অচেতন হৈ পৰি থকা লোকজনৰ সৈতে থকা টকা- পইচা,ধন- সোন লুত কৰি নিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande