
কোকৰাঝাৰ, ২০ নৱেম্বৰ (হি.স.)। গোসাইগাঁও মহকুমাৰ ঘাগচাপাৰা প্ৰাথমিক বিদ্যালয়ৰ পিছৰ ফালে থকা এডাল গছত আজি পুৱা এগৰাকী অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ৰহস্যজনক ভাবে গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় অচিনাক্ত মৃত দেহটো। পুৱা গাঁৱৰে বাসিন্দা এগৰাকী মহিলাই গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ।মৃতদেহটো প্ৰত্যক্ষ কৰি তেও গাওৰ ৰাইজক খবৰ দিয়ে।
পিছত গাও খনৰ গাওবুঢ়াই সাপকাটা আৰক্ষী চকীৰ আৰক্ষীক অবগত কৰে ৷ সেইমতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰে।আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ ফলাফল অহাৰ পিছতে সমগ্ৰ ঘটনাৰ আৰত কি আছে সেয়া পোহৰলৈ আহিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ