
নগাঁও, ২০ নৱেম্বৰ (হি.স.): নগাঁৱৰ কপিলী হস্পিতালত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসকৰ গাফিলতিৰ বাবেই ৰোগীৰ মৃত্যু হয় বুলি পৰিস্থিতি উত্তাল কৰে আত্মীয় সকলে।
নগাঁৱৰ কপিলী হস্পিতালত উচ্চ ৰক্তচাপজনিত কাৰণত দিনৰ বুধবাৰে দুপৰীয়া নগাঁও পহুকতাৰ পদ্ম বৰা নামৰ লোকজনক ভৰ্তি কৰে পৰিয়ালৰলোকে। কিন্তু গুৰুতৰ নহয় বুলি ডাক্তৰে জনাই পৰিয়ালৰ লোকক। সাধাৰণ ৰক্তচাপজনীত ৰোগত ভোগা বুলিও ডাক্তৰে পৰামৰ্শ দিয়ে পৰিয়ালক। কিন্তু বিয়লি ভাগলৈ পৰিয়ালৰ লোকক গুৱাহাটীলৈ লৈ যাব দিয়ে পৰিয়ালক। কিন্তু তাৰ কিছু সময় পাছতেই পদ্ম বৰা মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
বৰাৰ মৃত্যু হোৱা বুলি খবৰ পোৱা পাছতেই কপিলী হস্পিতালৰ ওপৰত জাঙুৰ খাই উঠে পৰিয়ালৰ লোক সকল। কপিলী হস্পিতালৰ চিকিৎসকৰ গাফিলতিৰ বাবেই ৰোগীৰ মৃত্যু হয় বুলি অভিযোগ তোলে পৰিয়ালৰ লোক সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ