চেক গণৰাজ্যত দুখন ৰে’লৰ সংঘৰ্ষ, ৫৭ খন আহত
প্ৰাগ, ২০ নৱেম্বৰ (হি.স.)। দক্ষিণ চেক গণৰাজ্যত দুখন যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষত ৫৭ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। আহতসকলৰ ভিতৰত ৫জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। স্থানীয় সংবাদ মাধ্যম আৰু বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৬
চেক গণৰাজ্যত দুখন ৰে’লৰ সংঘৰ্ষ, ৫৭ খন আহত


প্ৰাগ, ২০ নৱেম্বৰ (হি.স.)। দক্ষিণ চেক গণৰাজ্যত দুখন যাত্ৰীবাহী ৰে’লৰ সংঘৰ্ষত ৫৭ জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। আহতসকলৰ ভিতৰত ৫জনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে।

স্থানীয় সংবাদ মাধ্যম আৰু বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৬:২০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

জিলিভ আৰু ডিভচিট্চে ষ্টেচনৰ মাজৰ চেবুজোভিচে চহৰৰ সমীপত এখন এক্সপ্ৰেছ ৰে’লে আন এখন যাত্ৰীবাহী ৰে’লৰ পিছফালে সোমাই যায়। সংঘৰ্ষৰ বল ইমানেই ভয়াৱহ আছিল যে এখন ৰে’লৰ চালক দুয়োখন ৰে’লৰ মাজত আবদ্ধ হৈ পৰে। পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে তেওঁক উলিয়াই আনে।

ইফালে আঞ্চলিক গৱৰ্ণৰ মাৰ্টিন কুবাই চেক টেলিভিছনক জনোৱা মতে, এই দুৰ্ঘটনাত ৫ জন লোক গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে আন ৯ জন লোক সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছে। আন প্ৰায় ২৫ জন সামান্য আঘাতপ্ৰাপ্ত হয়।

ইফালে চিকিৎসালয়ৰ এগৰাকী মুখপাত্ৰই কয় যে সংকটজনক অৱস্থাত ৫জন লোকক ভৰ্তি কৰোৱা হৈছে আৰু ৪২ৰ পৰা ৫৭জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। বাকী সকলো যাত্ৰীক নিৰাপদে ৰে’লৰ পৰা উলিয়াই অনা হয়।

পৰিবহণ মন্ত্ৰী মাৰ্টিন কুপকাই এক্সত লিখিছে যে দুৰ্ঘটনাৰ কাৰণৰ তদন্ত চলি আছে যদিও প্ৰাৰম্ভিক তথ্য অনুসৰি এখন ৰে’লে ষ্টপ চিগনেলক আওকাণ কৰিছিল।

দুৰ্ঘটনাৰ পিছত চেস্কে বুডেজোভিচে আৰু প্লজেনৰ মাজত ৰেল যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। যাত্ৰীসকলৰ বাবে বাছ সেৱাৰ ব্যৱস্থা কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande