
ৱাশ্বিংটন, ২০ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু নিউয়ৰ্ক চহৰৰ সদ্য নিৰ্বাচিত ভাৰতীয় মূলৰ মেয়ৰ জোহৰাণ মমদানী শুকুৰবাৰে মুখামুখি হ’ব। ট্ৰাম্পে মমদানীৰ সৈতে সাক্ষাৎ কৰাৰ অনুৰোধ মানি লৈছে। ভাৰতৰ প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰৰ পুত্ৰ মদনানী।
চিবিএছ নিউজৰ এক প্ৰতিবেদন অনুসৰি ৰাষ্ট্ৰপতি ট্ৰাম্পে শুকুৰবাৰে হোৱাইট হাউছত মমদানীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তথ্য তেওঁৰ ট্ৰুথ ছ’চিয়েলত শ্বেয়াৰ কৰে। বৈঠকৰ সবিশেষ পিছত প্ৰকাশ কৰা হ’ব বুলিও তেওঁ কয়। মামদানীৰ মুখপাত্ৰই কয় যে, ৰাষ্ট্ৰপতি ট্ৰাম্পে আমাৰ বৈঠকৰ অনুৰোধ মানি লৈছে। শুকুৰবাৰে ৱাশ্বিংটনত দুয়োৰে বৈঠক হ'ব। মন কৰিবলগীয়া যে ট্ৰাম্পে চলিত সপ্তাহৰ আৰম্ভণিতে ৱাশ্বিংটনত মামদানীৰ সৈতে সাক্ষাৎ কৰিব বুলি ঘোষণা কৰিছিল যদিও সেই সময়ত তেওঁ এই তাৰিখ প্ৰকাশ কৰা নাছিল।
প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰ আৰু কলম্বিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপিক মেহমুদ মামদানীৰ পুত্ৰ হৈছে মমদানী। উগাণ্ডাৰ কাম্পালাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা তেখেতে সাত বছৰ বয়সত পৰিয়ালৰ সৈতে নিউয়ৰ্কলৈ গুচি যায়। ২০১৮ চনত মামদানীয়ে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল।
এনবিচি নিউজৰ এক প্ৰতিবেদন অনুসৰি কিছুদিন পূৰ্বে মমদানীয়ে হোৱাইট হাউছৰ সৈতে যোগাযোগ কৰি এখন বৈঠকৰ ব্যৱস্থা কৰিছিল। বুধবাৰে নিশা মমদানীৰ মুখপাত্ৰ ড’ৰা পেচেকে এক বিবৃতিত কয় যে ৱাশ্বিংটনত মেয়ৰ আৰু ৰাষ্ট্ৰপতিৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত জনসাধাৰণৰ সুৰক্ষা আৰু আৰ্থিক নিৰাপত্তাৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।
সোমবাৰে মমদানীয়ে কৈছিল যে মুদ্ৰাস্ফীতিৰ ফলত মানুহক নিউয়ৰ্ক চহৰৰ পৰা বাহিৰ কৰি দিছে আৰু ট্ৰাম্প প্ৰশাসনৰ অৰ্থনৈতিক নীতিয়ে নিউয়ৰ্কৰ লোকসকলৰ ওপৰত যথেষ্ট ক্ষতিসাধন কৰিছে। মন কৰিবলগীয়া যে নিউয়ৰ্ক চহৰৰ মেয়ৰৰ নিৰ্বাচনত ট্ৰাম্পে নিৰ্দলীয় প্ৰাৰ্থী প্ৰাক্তন গৱৰ্ণৰ এণ্ড্ৰু কুমোক সমৰ্থন কৰিছিল আৰু নিজকে ডেম’ক্ৰেটিক ছ’চিয়েলিষ্ট বুলি বৰ্ণনা কৰা মমডানীক বাৰে বাৰে কমিউনিষ্ট বুলি অভিহিত কৰিছিল।
৪ নৱেম্বৰৰ নিৰ্বাচনৰ ঠিক আগতে ট্ৰাম্পে সকীয়াই দিছিল যে মমদানীৰ জয় নিউয়ৰ্ক চহৰৰ বাবে সম্পূৰ্ণ অৰ্থনৈতিক আৰু সামাজিক দুৰ্যোগ হ’ব। মমদানীয়ে ট্ৰাম্পক বিজয় ভাষণতো প্ৰত্যাহ্বান জনাই কয় যে নিউয়ৰ্কৰ শক্তি এতিয়া অনুপ্ৰৱেশকাৰী হ’ব। এতিয়া এজন অনুপ্ৰৱেশকাৰীৰ নেতৃত্বত চহৰখন আগবাঢ়ি যাব।
हिन्दुस्थान समाचार / অৰৱিন্দ