
বাক্সা, ২০ নৱেম্বৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুৰ দুমাহ পূৰ্ণ হোৱাৰ উপলক্ষে বাক্সা জিলাৰ ভোটেপোৱাবড়ীস্থিত শ্ৰীশ্ৰীনৰসিংহ গোসাঁই ঘৰ প্ৰাংগনত বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত কালি দিনজোৰা কাৰ্যসূচীৰে জনতাৰ শিল্পী গৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই উপলক্ষে কালি সন্ধিয়া অনুষ্ঠিত স্নিগ্ধ জোনাক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক ফণীধৰ তালুকদাৰে সংবাদ মাধ্যমৰ আগত কয়, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে আমাৰ মাজৰ পৰা গুচি যোৱা আজি দুমাহ হ'ল। সেয়ে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত স্নিগ্ধ জোনাক কাৰ্যসূচীৰে জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে।
পুৱা জনতাৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ স্মৃতি তৰ্পণ আদি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত ১০০ জোপা নাহৰ গছৰ পুলি স্থানীয় লোকৰ জৰিয়তে ৰোপণ কৰা হয়। আয়তী সকলৰ দ্বাৰা নাম প্ৰসংগও কৰা হয়। সন্ধিয়া এই স্নিগ্ধ জোনাক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি দলৰ বাক্সা জিলা সমিতিৰ সভাপতি ৰিদীপ কুমাৰ ডেকাই সংবাদ মাধ্যমৰ আগত কয়, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গে আমাৰ মাজৰ পৰা কায়িকভাবে নোহোৱা হোৱা আজি দুমাহ সম্পন্ন হৈছে। আমি সকলোৱে এক বুজাব নোৱাৰা পৰিবেশত আছোঁ।সেয়ে প্ৰতিটো দিনৰ প্ৰতিটো সময়ত তেখেতৰ বাবে উৎসৰ্গা কৰি আমি আগবাঢ়িছোঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাই স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা স্নিগ্ধ জোনাক শীৰ্ষক সংগীত সন্ধিয়াত বিভিন্ন শিল্পীয়ে জুবিন গাৰ্গৰ গীতসমূহ পৰিবেশন কৰিব। ইতিমধ্যে বৰ্তমান প্ৰাৰ্থনালৈকে পৰিবৰ্তন হোৱা তেখেতৰ মায়াবিনী গীতটো আমি সকলোৱে একেলগে পৰিবেশন কৰিলোঁ। অনুষ্ঠানত কেইবাগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা