
চিৰাং,২০ নৱেম্বৰ (হি.স.)। বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণে আকৰ্ষিত কৰি তুলিছে পৰ্যটকক।
বাঘৰ বিচৰণ দেখি আপ্লুত মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা দেশী বিদেশী পৰ্যটক সকল। মানাহৰ বাঁহবাৰী ৰেঞ্জত এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণ দেখি আপ্লুত হৈ পৰে এটা পৰ্যটকৰ দল। এগৰাকী পৰ্যটকৰ কেমেৰাত বন্দী হয় এই দৃশ্য। উল্লেখ্য যে মানাহলৈ অহা পৰ্যটক সকলে সঘনাই প্ৰত্যক্ষ কৰিবলৈ পাৰিছে বাঘৰ বিচৰণ।
মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই ২০২৫– ২৬ বৰ্ষৰ বাবে উদ্যান খন মুকলি কৰি দিয়াৰ পিছত ইতিমধ্য়ে বিভিন্ন দেশী বিদেশী পৰ্যতকে উদ্য়ান খন দৰ্শন
কৰিবলৈ ভীৰ কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য় যে প্ৰতি বছৰে বাৰিষা কালত উদ্যানৰ ভিতৰত বাটপথ বিধস্ত হৈ পৰা বাবে অসমত বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই উদ্যান খন পৰ্যতকৰ বাবে বন্ধ কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা