কামপুৰত ১৯৭৫ চনতে স্থাপিত চেনি কল উদ্যোগৰ দুৰাৱস্থা
নগাঁও জিলাৰ কামপুৰত ১৯৭৫ চনতে স্থাপিত হোৱা চেনি কল উদ্যোগটোৰ দুৰবস্থা ।
কামপুৰত ১৯৭৫ চনতে স্থাপিত চেনি কল উদ্যোগৰ দুৰাৱস্থা


নগাঁও, ২০ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ অন্তৰ্গত ঐতিহাসিক ঠাই হিচাপে পৰিচিত নাম কামপুৰ । এই ঐতিহাসিক নগাঁও জিলাৰ কামপুৰ অঞ্চলতে স্থাপিত হৈছিল কামপুৰ চেনি কল উদ্যোগটো ।

উল্লেখ্য যে ১৯৭৫ চনতে অসম চৰকাৰৰ প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহৰ দিনতে স্থাপিত হোৱা চেনি কল উদ্যোগটোৰ লগত জড়িত হৈ আছিল কামপুৰ অঞ্চলৰ বহু কৰ্মচাৰীৰ লগতে বহু স্থানীয় লোক সকলৰ পৰিয়াল পোহ-পাল দিয়াৰ এটা জীৱিকাৰ পথ হিচাপে আছিল । কিন্তু, কি কাৰণত , কাৰ ভুলৰ বাবে ২০০৪ চনত অসম চৰকাৰে বন্ধ কৰি দিয়ে কামপুৰৰ চেনিকল‌ উৎদোগটো । অসম চৰকাৰে বন্ধ কৰি দিয়াৰ ফলত চেনি কলটো পুণৰ জীৱিত কৰণ নকৰাত আজিকুপটি পানিত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে কৰ্মচাৰী সকল ।

এই ক্ষেত্ৰত চেনি কলটোৰ কৰ্মচাৰী সকলে বিগত সময়চোৱাত অসম চৰকাৰৰ বহু মন্ত্ৰী বিধায়ক তথা বৰ্তমানৰ চৰকাৰ খনৰ বহু মন্ত্ৰী বিধায়কৰ লগত চেনি কলটো পুণৰ জীৱিত কৰণ বা সেই ঠাইত নতুন কিবা এটা প্ৰকল্প স্থাপন কৰাৰ বিষয়ে বহু আবেদন নিবেদন জনাইছে যদিও আজিলৈকে কোনো সু-ফল নোপোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ কৰ্মচাৰী সকল ।

বৰ্তমান চেনি কলটোৰ অৱস্থা দেখিলে হয়তো আপোনাৰ বা মোৰ চকু কপালত উঠিব । অসম চৰকাৰ আৰু কামপুৰ প্ৰশাসনে এই উদ্যোগটোৰ ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত অতৱ্য -জংঘলে আৱৰি ধৰাত চেনি কলটোৰ মূল্যবান যন্ত্ৰাংশ সমূহ একাংশ দুষ্ট চক্ৰৰ লগত চোৰে মিলি দিনে পোহৰে চোৰে চুৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে । যাৰ ফলত উদ্যোগটোত থকা প্ৰায় ৮০ শতাংশ মূল্যবান যন্ত্ৰাংশ নাইকীয়া হোৱাৰ অভিযোগ উঠিছে । এই ক্ষেত্ৰত কৰ্মচাৰী সকলে অসম চৰকাৰ আৰু কামপুৰ প্ৰশাসনক চেনি কলটোৰ মূল্যবান যন্ত্ৰাংশ সমূহ সংৰক্ষণ কৰিবৰ বাবে বহু বছৰ ধৰি অৱগত কৰি আহিছিল যদিও বিষয়টো কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাত ক্ষোভ ব্যক্ত কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande