পুনৰ শিক্ষকৰ গৰিমাত কলিমা
পুনৰ শিক্ষকৰ গৰিমাত কলিমা।
পুনৰ শিক্ষকৰ গৰিমাত কলিমা


ডিব্ৰুগড়, ২০ নৱেম্বৰ (হি.স.): ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাৰ অন্তৰ্গত লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকৰ লাজ লগা কাণ্ডই পুনৰ শিক্ষকৰ গৰিমাত কলিমা সানিছে।

জানিব পৰা অনুসৰি উক্ত স্কুলৰেই এজন শিক্ষকৰ এজাহাৰ ভিত্তিত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে দুজন ব্যক্তিক। এজাহাৰত উল্লেখ কৰা মতে উক্ত বিদ্যালয়খনৰ এগৰাকী শিক্ষকে এগৰাকী স্কুলীয়া ছোৱালীৰ সৈতে অসৎ আচৰণ কৰাৰ অভিযোগত অভিযুক্ত দুয়োজন ব্যক্তি।

জানিব পৰা অনুসৰি শিক্ষা মুলক ভ্ৰমণৰ বাবে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীৰ লৈকে শিৱসাগৰলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল। উক্ত যাত্ৰাৰ সময়ত শিক্ষক অতুৱাৰ ৰহমানে, (পিতৃ-মাতৃ ফৈজুল হকে, আৰ/অ' লখিগঞ্জ, পি এছ বিলাসীপাৰা, জিলা ধুবুৰী) ৰাজেশ থাকুৰৰ লগত সুৰা সেৱন কৰি ছাত্ৰ-ছাত্ৰীৰ সৈতে অনুপযুক্ত শাৰীৰিক সংস্পৰ্শ কৰা বুলি অভিযোগত গ্ৰেপ্তাৰ কৰি Barbaruah PS Case No 110/2025 U/S 75(2) BNS R/W sec 10 of POCSO act and R/W sec 75/77 of JJ Act আইন অনুসৰি অধিক প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande