
গুৱাহাটী, ২০ নৱেম্বৰ(হি.স.)। কামৰূপ মহানগৰ জিলাত আজি চাঁচ (SAANS-Social Awareness and Actions to Neutralise Pneumonia Successfully) অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ শুভাৰম্ভ কৰা হয় ৷ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মাণ আৰোগ্য মন্দিৰত আয়োজিত এক অনুষ্ঠানত এই অভিযান মুকলি কৰে অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বিশেষ কৰ্তব্যৰত বিষয়া লখিমী দত্তই।
নিউম’নিয়া হৈছে এটি গুৰুতৰ ৰোগ। আমাৰ দেশৰ পাঁচ বছৰৰ তলৰ শিশুৰ মৃত্যুৰ মুখ্য কাৰণ হৈছে নিউম’নিয়া ৰোগ। নিউম’নিয়া ৰোগক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ সামাজিক সজাগতা আৰু পদক্ষেপৰ এই অভিযান অহা ২৮ ফেব্ৰুৱাৰী ২০২৫ লৈকে চলিব।এই অভিযানৰ অধীনত আশাকৰ্মী সকলে নিউম’নিয়া লক্ষণসমূহ আৰু প্ৰতিৰোধৰ বাবে কৰণীয় সমূহৰ ওপৰত ঘৰে ঘৰে গৈ সজাগতাৰ সৃষ্টি কৰিব।
আজিৰ অনুষ্ঠানত অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ Child Health Consultant ডাঃ উদয় শংকৰ মেধি, কামৰূপ মহানগৰৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া(পৰিয়াল কল্যাণ) ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক আৰু জিলাভিত্তিক বিষয়া-কৰ্মচাৰী সকল তথা চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চ আৰু আশাকৰ্মী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ