গোলাঘাটৰ চাহবাগিচাৰ মাটিৰ কুঁৱাত পৰি আবদ্ধ হাতী পোৱালী উদ্ধাৰ
প্ৰায় ডেৰ ঘন্টা ধৰি কালি নিশা চলোৱা উদ্ধাৰ অভিযানৰ অন্তত সফলতাৰে মাটিৰ কুঁৱাৰ পৰা উদ্ধাৰ কৰা হ'ল হাতী পোৱালী।
গোলাঘাটৰ চাহবাগিচাৰ মাটিৰ কুঁৱাত পৰি আবদ্ধ হাতী পোৱালী উদ্ধাৰ


গোলাঘাট, ২০ নৱেম্বৰ (হি.স.): খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলায় অহা বনৰীয়া হাতীৰ এটা জাকৰ পৰা প্ৰায় ৪ বছৰীয়া হাতী পোৱালী এটা চাহবাগিচাৰ মাটিৰ কুঁৱাত পৰি আবদ্ধ হৈ পৰে যদিও পিছত সুকলমে উদ্ধাৰ কৰা হয়। কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বামুনী অঞ্চলৰ চাহবাগিচাৰ মাটিৰ কুঁৱাত আৱদ্ধ হৈ পৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজসকল।

হাতী পোৱালীটো কুঁৱাত আৱদ্ধ হৈ পৰাৰ লগে লগে হাতীৰ জাকটোৱে আৰ্তনাদ কৰি পোৱালীটো উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখে । ইফালে এই খবৰ পাই জখলাবন্ধা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত হাতী পোৱালিটো উদ্ধাৰৰ চেষ্টা চলায়। জখলাবন্ধা বন বিভাগে নিশা ১ বজাত জেচিবিৰ সহায়ত প্ৰায় ডেৰ ঘন্টা ধৰি হাতী পোৱালিটোক উদ্ধাৰ অভিযান চলোৱাৰ অন্তত হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইফালে উদ্ধাৰ কৰা হাতী পোৱালিটো মাকে নিৰাপদ স্থানলৈ লৈ যোৱাৰ দৃশ্যই স্থানীয় লোকৰ লগতে বনবিভাগৰ লোককো আনন্দিত কৰি তোলে। কালি নিশা হাতী পোৱালীটো উদ্ধাৰৰ সমগ্ৰ দৃশ্য বহু লোকে ম'বাইল তথা কেমেৰাত বন্দী কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande