পশ্চিম কামৰূপৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফ্লুৰ ভয়ংকৰ ৰূপ ধাৰণ
পশ্চিম কামৰূপৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান ছোৱাইন ফ্লুৱে।
পশ্চিম কামৰূপৰ বিভিন্ন প্ৰান্তত আফ্ৰিকান ছোৱাইন ফ্লুৰ ভয়ংকৰ ৰূপ ধাৰণ


কামৰূপ, ২০ নৱেম্বৰ (হি.স.): পশ্চিম কামৰূপৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আফ্ৰিকান ছোৱাইন ফ্লুৱে। পশ্চিম কামৰূপৰ হেকৰা, যোগীপাৰা, নিছলামাৰী, নগৰবেৰা আদি অঞ্চলত আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত মৃত্যু হৈছে শ শ গাহৰিৰ। অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক গাহৰি পালকে ব্যাপক লোকচানৰ সন্মুখীন হৈছে। উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হৈছে আক্ৰান্ত গাহৰি সমূহ।

উল্লেখ্য যে বেংক আৰু বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰপৰা ঋণ লৈ গাহৰি ফাৰ্ম কৰা একাংশ গাহৰি পালকে এই ৰোগৰ ফলত ক্ষতিগ্ৰস্ত হৈ মূৰে কপালে হাত দিবলগীয়া হৈছে। শীঘ্ৰে ক্ষতিগ্ৰস্ত এনে গাহৰি পালকক উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ভুক্তভোগী সকলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande