প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমখন চিৰসেউজ কৰাৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা জুবিন অনুৰাগীৰ
প্ৰকৃতিক ভাল পোৱা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমখন চিৰসেউজ কৰাৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা এগৰাকী জুবিন অনুৰাগীৰ।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমখন চিৰসেউজ কৰাৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰীলৈ পদযাত্ৰা জুবিন অনুৰাগীৰ


গোলাঘাট, ২০ নৱেম্বৰ (হি.স.): গান আৰু ছবিৰ বৰ্নিল সৃষ্টিৰাজিৰে অসমীয়াক মহিয়ান কৰি থৈ যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰৰ পিছতে শিল্পী গৰাকীৰ অনুৰাগীসকলে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত পদযাত্ৰাৰে শিল্পী গৰাকীলৈ যাঁচিছে গভীৰ শ্ৰদ্ধাঞ্জলি । ইয়াৰ মাজতে তামুলপুৰৰ‌ তাপস বৈশ্য নামৰ ২৬ বছৰীয়া জুবিন অনুৰাগী এগৰাকী যুৱকে শদিয়াৰ পৰা ধুবুৰীলৈ নাহৰ গছৰ পুলিলৈ আৰম্ভ কৰিছে এই পদযাত্ৰা।

জুবিন গাৰ্গৰ কৈশোৰ সময়ৰ স্মৃতি বিজড়িত তামুলপুৰৰ বাসগৃহৰ পৰা পদযাত্ৰা আৰম্ভ কৰা তাপস বৈশ্যই ২৬ অক্টোবৰত আৰম্ভ কৰিছে এই পদযাত্ৰা। প্ৰকৃতিৰ লগতে নাহৰ গছ ভাল পোৱা জুবিন গাৰ্গৰ সপোনক বাস্তৱত ৰূপ দিয়াৰ প্ৰয়াসেৰে তাপস বৈশ্যই মোনাত নাহৰ গছৰ পুলিলৈ সজাগতা সৃষ্টি কৰাৰ লগতে স্কুল -কলেজ, মন্দিৰ - মছজিদ প্ৰাংগনত ৰোপণ কৰিছে নাহৰ গছৰ পুলি। মোনাত থকা নাহৰ গছৰ পুলি শেষ হ'লেই পুনৰ পথৰ কাষৰ নাৰ্চাৰীৰ পৰা নাহৰ গছৰ পুলি ক্ৰয় কৰি লয় তাপস বৈশ্যই।

পথৰ কাষৰ শিক্ষানুষ্ঠানত সোমাই শিক্ষীৰ্থীক গছপুলি ৰুবলৈ আহ্বান জনাইছে জুবিন অনুৰাগী যুৱকজনে। অসমখন চিৰসেউজ কৰিবলৈ গছপুলি ৰোপণ কৰিবই লাগিব। এই লক্ষ্য আগত ৰাখি পদযাত্ৰা আৰম্ভ কৰা যুৱকজনে ৬ মাহ ধৰি পদযাত্ৰা কৰিব শদিয়াৰ পৰা ধুবুৰীলৈ। তাপস বৈশ্য, জুবিন অনুৰাগী।২৬ অক্টোবৰ তাৰিখে তামুলপুৰৰ পৰা পদযাত্ৰা আৰম্ভ কৰা তাপস বৈশ্যই ভৰিত দুখ পালে মাজে মাজে জিৰণি লয় যদিও ১৮ টা দিনে খোজ কাঢ়ি বুধবাৰে সন্ধিয়া উপস্থিত হয় জখলাবন্ধাত। কলিয়াবৰৰ আমাৰ জেষ্ঠ সাংবাদিক গোলাপ শইকীয়া আৰু কলিয়াবৰ ফ্ৰেণ্ডশ্বিপ ক্লাবে পদযাত্ৰা কৰা তাপস বৈশ্যক কলিয়াবৰত আপ্যায়ন কৰাৰ লগতে নিশাটো জিৰণি লোৱাৰ সু-ব্যৱস্থাৰে সেৱা আগবঢ়ায় জুবিন অনুৰাগী গৰাকীক। তাৰোপৰি পদযাত্ৰা কৰা তাপসক এযোৰ চেণ্ডেল উপহাৰ আগবঢ়ায় ফ্ৰেণ্ডশ্বিপ ক্লাবৰ সদস্যই।

জখলাবন্ধাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা গামোচাৰে আদৰণি জনায় জুবিন অনুৰাগী গৰাকীক। নিশাটো জখলাবন্ধাত কটায় আজি পুৱা পদযাত্ৰাকাৰী তাপস বৈশ্য পুনৰ ৰাওনা হয় যোৰহাট অভিমুখে। যোৰহাটৰ পৰা ডিব্ৰুগড় হৈ শদিয়াত উপস্থিত হৈ পুনৰ পদযাত্ৰা আৰম্ভ কৰিব ধুবুৰীলৈ। জুবিন অনুৰাগী তাপস বৈশ্যৰ এই পদযাত্ৰা সফল হওঁক তাৰেই কামনা কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande