
পাটনা, ২০ নৱেম্বৰ (হি.স.)। বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে আজি গান্ধী ময়দানত দশম বাৰৰ বাবে শপত গ্ৰহণ কৰিব । পুৱা ১১:৩০ বজাৰ পৰা আৰম্ভ হ’ব শপতগ্ৰহণ অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ,কে ধৰি বিশিষ্ট নেতাসকল উপস্থিত থাকিব। নীতিশ কুমাৰৰ লগতে বিজেপিৰ দুগৰাকী উপ-মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব।
প্ৰধানমন্ত্ৰী মোদীয়েও আজি বিহাৰৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিব। গান্ধী ময়দানত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী হ’ব তেওঁ। প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিৰ আশাত অভূতপূৰ্ব নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। বিশেষ সুৰক্ষা গোট (এছ পি জি), ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এন এছ জি), আৰু বিহাৰ আৰক্ষীৰ যুটীয়া দলে গান্ধী ময়দান আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বিশদ নিৰাপত্তাৰ ব্যৱস্থা মোতায়েন কৰিছে।
হাজাৰ হাজাৰ লোকৰ আগমনৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে সুকীয়াকৈ প্ৰৱেশ আৰু প্ৰস্থান পথ নিৰ্ধাৰণ কৰিছে। গান্ধী ময়দানৰ এই স্থানত এক লাখৰো অধিক লোকৰ আসন গ্ৰহণৰ বাবে সাজু হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ