ৰাষ্ট্ৰপতি মুৰ্মুৰ আজিৰে পৰা ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ
নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা তিনিদিনীয়াকৈ ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ২০ নৱেম্বৰত ছত্তীশগড়ৰ অম্বিকাপুৰত অনুষ্ঠিত হ’বলগীয়া জনজাতীয় গৌৰৱ দ
राष्ट्रपति द्रौपदी मुर्मु । फोटो - फाइल


নতুন দিল্লী, ২০ নৱেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা তিনিদিনীয়াকৈ ছত্তীশগড়, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি ভৱনৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ২০ নৱেম্বৰত ছত্তীশগড়ৰ অম্বিকাপুৰত অনুষ্ঠিত হ’বলগীয়া জনজাতীয় গৌৰৱ দিৱস উদযাপনত ৰাষ্ট্ৰপতি মুৰ্মুৱে অংশগ্ৰহণ কৰিব। ৰাজ্য চৰকাৰৰ তত্বাৱধানত আয়োজিত এই অনুষ্ঠানৰ লক্ষ্য হৈছে জনজাতীয় জনগোষ্ঠীৰ গৌৰৱময় পৰম্পৰা আৰু অৱদানক সন্মান জনোৱা।

ৰাষ্ট্ৰপতিগৰাকীয়ে ২১ নৱেম্বৰত তেলেংগানাৰ ছিকন্দৰাবাদৰ বলাৰুমৰ ৰাষ্ট্ৰপতি নিলায়মত ভাৰতীয় কলা মহোৎসৱ ২০২৫ উদ্বোধন কৰিব । এই মহোৎসৱৰ দ্বিতীয় সংস্কৰণত গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, গোৱা, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ চহকী সাংস্কৃতিক আৰু কলাত্মক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব।

অহা ২২ নৱেম্বৰত অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীৰ প্ৰশান্তি নিলয়মত শ্ৰী সত্য সাই বাবাৰ শতবাৰ্ষিকী উপলক্ষে এক বিশেষ অধিৱেশনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। সত্য সাই বাবাৰ আধ্যাত্মিক বাৰ্তা আৰু সেৱাৰ কামৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande